প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব বন্যপ্রাণী দিৱস উপলক্ষে গুজৰাটৰ জুনাগড় জিলাৰ ছাচনত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ, সেনাৰ মুৰববী, বন্যপ্রাণী ক্ষেত্ৰত কাম কৰি থকা বিভিন্ন ৰাজ্যৰ সদস্য, বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিকে আদিকে ধৰি ৪৭ গৰাকী সদস্যৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ গঠিত হৈছে। এই পৰিষদে প্রধানমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ বন্যপ্ৰাণী আৰু বনাঞ্চলৰ সংৰক্ষণ আৰু উন্নয়নৰ হকে কাম কৰি আহিছে। বৈঠকৰ পাছতে শ্রীমোদীয়ে ছাচনত কেইগৰাকীমান মহিলা বনকৰ্মীৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত প্রধানমন্ত্রী মোদীয়ে এছীয় সিংহৰ শেষ বিচৰণ ভূমি গীৰ ৰাষ্ট্ৰীয় উদ্যানত চাফাৰী কৰিব ।
প্রধানমন্ত্ৰীয়ে কালি জামনগৰত থকা বনতাৰা নামৰ জীৱজন্তু উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ পৰিদৰ্শন কৰে। জিলাখনৰ ৩ হাজাৰ একৰ ভূমিত স্থাপন কৰা বনতাৰা হৈছে জীৱজন্তু উদ্ধাৰ, সংৰক্ষণ আৰু পুনর্বাসন কেন্দ্ৰ। ইয়াৰ পাছতে প্ৰধানমন্ত্রী মোদীয়ে সোমনাথ মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। তেওঁ শ্ৰীসোমনাথ ন্যাসৰ এখন বৈঠকত অধ্যক্ষতাও কৰে। উল্লেখযোগ্য যে শ্রীমোদীয়ে তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ উদ্দেশ্যে যোৱা শনিবাৰে ৰাজ্যখনত উপস্থিত হৈছে।
Assamese | March 3, 2025 11:25 AM | PM Visit Gujarat
গুজৰাটৰ ছাচনত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ বৈঠকত প্রধানমন্ত্ৰীৰ অধ্যক্ষতা