প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু দমন ভ্রমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ছুৰাটত ১৮ হাজাৰ ৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে লগতে ছুৰাটত ২০০ খন বিছনাযুক্ত এখন ই এছ আই চি চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত দুহেজাৰ ৯৭০ কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পর্যটন, আন্তঃগাঁথনি, যোগাযোগ আৰু জনকল্যাণ খণ্ডৰ প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে নমো বিমান বন্দৰৰ নতুন টার্মিনেল ভৱন আৰু নমো চিকিৎসালয়কৈ ধৰি প্ৰায় এহেজাৰ ৩৪০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰিব। বিমান বন্দৰৰ এই নতুন টার্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব।
Assamese | June 4, 2026 8:34 PM | PM Visit Gujarat
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ গুজৰাট আৰু দমন ভ্রমণ