ৰাজ্য চৰকাৰে কাইলৈ কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ হ’বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। এই অনুষ্ঠানত কৃষি যান্ত্ৰিকীকৰণৰ উপ অভিযানৰ অধীনত ২৫০টা কৃষক গোটৰ লগতে ২,৪৯০ গৰাকী কৃষকলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, কঠীয়া ৰোপণ যন্ত্ৰকে ধৰি বিভিন্ন যন্ত্রপাতি মুকলি কৰা হ’ব। কৃষকৰ মাজত চাৰি লাখতকৈও অধিক সংখ্যক ভূমি স্বাস্থ্য-পত্ৰ বিতৰণ কৰাৰ লগতে ২১ টা কৃষি জ্ঞান কেন্দ্ৰও মুকলি কৰা হ’ব।
Assamese | October 6, 2024 8:42 PM | Assam Agriculture
কাইলৈ গুৱাহাটীত কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠান