আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত ৫৮ সংখ্যক এ দি বিৰ বাৰ্ষিক বৈঠকৰ সময়ত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে ব্যক্তিগত খণ্ডৰ নেতৃত্বত অর্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে ভাৰতে বিভিন্ন পদক্ষেপেৰে ধাৰাবাহিকভাৱে অনুকুল নীতি আৰু নিয়ন্ত্ৰণ পৰিবেশ তন্ত্ৰ সৃষ্টি কৰি ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভাৰতে এ দি বি নতুন আৰু উদ্ভাৱনীমূলক বিত্তীয় সামগ্ৰী আৰম্ভ কৰাৰ সুযোগ প্ৰদান কৰে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত ২০৪৭ ৰ দৃষ্টিভংগীৰ ওপৰত এ দি বিৰ সভাপতিগৰাকীয়ে ভাৰতৰ উন্নয়নত অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা কৰাৰ কথা প্ৰকাশ কৰে।
Assamese | May 5, 2025 8:41 PM | Akashvani | Akashvani News | FM Nirmala Sitharaman | Nirmala Meet | Nirmala Sitaraman
এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ বিত্তমন্ত্রী সীতাৰমণৰ