August 12, 2026 8:18 PM

views 2

ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্প হোৱাৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক হিচাপে কাম কৰা উচিত বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্প হোৱাৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক অথবা চালিকাশক্তি হিচাপে কাম কৰা উচিত বুলি মন্তব্য কৰিছে। ব্ৰিকছ সদস্য দেশসমূহৰ ব্যক্তিগত মূলধন সংগ্ৰহৰ ক্ষেত্ৰত নিউ ডেভেলপমেণ্ট বেংকৰ ভূমিকা শীর্ষক এখন আলোচনা চক্ৰত অংশগ্রহণ কৰি বিত্তমন্ত্রীগৰাকীয়ে কয়, যে ব্রিকছৰ অৰ্থনীতি গোলকীয় বিকাশৰ অন্যতম চালিকাশক্তি। কিন্তু ব্যক্তিগত মূলধন আকৰ্ষণৰ ক্ষেত্ৰত এই দেশসমূহ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। জয়পুৰত অনুষ্ঠিত আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ...

June 12, 2026 8:34 PM

views 25

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ’ চৰকাৰে খণ্ডন কৰিছে

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰিছে। গোটটোৱে লগতে বিত্তমন্ত্ৰীগৰাকীয়ে তেনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাই বুলি স্পষ্ট কৰি দিছে। অনলাইন ব্যৱস্থাৰে জনসাধাৰণক প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্যে এনে ধৰণৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হয় বুলি ...

December 4, 2025 8:44 PM

views 80

কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ দুয়োখন সদনৰ অনুমোদন লাভ

ৰাজ্যসভাই আজি কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ গ্ৰহণ কৰি লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বিধেয়কখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰি শুল্ক আইনৰ সংশোধন কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ চিগাৰেট, চিগাৰ, হোকাত ব্যৱহাৰ কৰা মলা ধপাত, সুগন্ধি ধপাত, জর্দাসহ সকলো ধপাতৰ ওপৰত আৰোপিত আবকাৰি শুল্ক আৰু উপকৰ বৃদ্ধি কৰিব বিচৰা গৈছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি লোকসভাত এই বিধেয়কখন উত্থাপন কৰে। ৰাজ্যসভাত বিধেয়ক সন্দৰ্ভত হোৱা আলো...

November 6, 2025 10:52 AM

views 78

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব

● কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ গুৱাহাটীত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব শ্ৰীমতী সীতাৰমণে প্রথমে উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু গেটৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থ...

May 5, 2025 8:41 PM

views 66

এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ বিত্তমন্ত্রী সীতাৰমণৰ

আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত ৫৮ সংখ্যক এ দি বিৰ বাৰ্ষিক বৈঠকৰ সময়ত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে ব্যক্তিগত খণ্ডৰ নেতৃত্বত অর্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে ভাৰতে বিভিন্ন পদক্ষেপেৰে ধাৰাবাহিকভাৱে অনুকুল নীতি আৰু নিয়ন্ত্ৰণ পৰিবেশ তন্ত্ৰ সৃষ্টি কৰি ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভাৰতে এ দি বি নতুন আৰু উদ্ভাৱনীমূলক বিত্তীয় সামগ্ৰী আৰম্ভ কৰাৰ সুযোগ প্ৰদান কৰে। প...

February 27, 2025 2:57 PM

views 59

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান নেওচি ভাৰত বিকাশৰ দিশত অগ্ৰসৰ হৈছেঃ বিত্তমন্ত্রী

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান নেওচি ভাৰত বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদ সন্মিলনত ভাষণ দি শ্ৰীমতী সীতাৰমনে কয় যে আন্তঃৰাষ্ট্ৰীয় যোগান শৃংখলাৰ কেন্দ্ৰীকৰণৰ বাবে বর্তমান ভালেমান প্রত্যাহ্বান আহি পৰিছে। মন্ত্ৰী গৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা, বিকশিত ৰাষ্ট্ৰ সমূহক নিৰ্ধাৰণ কৰিবলৈ দিয়া নহব। নতুন আন্তঃৰষ্ট্ৰীয় ব্যৱস্থাত বাণিজ্য আৰু প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব বুলি ...

January 31, 2025 3:45 PM

views 50

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আৰম্ভ

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আজি আৰম্ভ হৈছে। অধিবেশনৰ আৰম্ভণিৰ দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাষণৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভমেলাত হোৱা হেঁচা-ঠেলাৰ ঘটনাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ভক্তসকলৰ লগতে ২৪ ডিচেম্বৰত দেহাৱসান ঘটা প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙলৈ শ্রদ্ধা নিবেদন কৰে। ৰাষ্ট্ৰপতিয়ে কয় যে মোদী চৰকাৰৰ তৃতীয় কার্যকালত তিনিগুণ ক্ষীপ্ৰতাৰে কাম হৈছে। শ্ৰীমতী মুর্মুৱে কয় যে কেন্দ্রীয় চৰকাৰে দেশ...

October 22, 2024 3:37 PM

views 40

অনাদায় ঋণ আৰু উচ্চ মূলধনী পর্যাপ্ততাৰ অনুপাত কম হোৱা বাবেই ভাৰতৰ বেঙকিং ব্যৱস্থা শক্তিশালী হৈ আছেঃ বিত্তমন্ত্রী সীতাৰমণ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে অনাদায় ঋণ আৰু উচ্চ মূলধনী পর্যাপ্ততাৰ অনুপাত কম হোৱা বাবেই ভাৰতৰ বেঙকিং ব্যৱস্থা শক্তিশালী হৈ আছে। তেওঁ কয় যে, গুৰুত্বপূৰ্ণ উদ্যোগসমূহৰ বিনিয়োগ বৃদ্ধিৰ বাবে আৱশ্যকীয় ঋণ প্ৰদান কৰাটো বিত্তীয় ক্ষেত্ৰৰ নিৰন্তৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ কলোম্বিয়া বিশ্ববিদ্যালয়ৰ এটা সত্ৰক সম্বোধন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। পূৰ্বতে সেৱাৰ পৰা বঞ্চিত হৈ থকা লাখ লাখ লোকক ডিজিটেল বিত্তীয় ব্যৱস্থাৰে সামৰি লোৱাৰ ফলত ভাৰত...

October 1, 2024 2:36 PM

views 65

বৰ্তমান সময়ত দৰিদ্ৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে ঋণ লাভ কৰাটো অতি সহজ হৈছেঃ বিত্তমন্ত্ৰী সীতাৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে বৰ্তমান সময়ত দৰিদ্ৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে ঋণ লাভ কৰাটো অতি সহজ হৈছে। তেওঁ জন-ধন যোজনাৰ বাবে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ইটানগৰত আজি ঋণ প্ৰদান কৰা সন্দৰ্ভত আয়োজন কৰা এটা জন সজাগতা কার্যসূচীত অংশগ্রহণ কৰি ভালেমান চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংকৰ পৰা কোনোধৰণৰ বন্ধক নোহোৱা আৰু নথি-পত্ৰৰ দীঘলীয়া প্ৰক্ৰিয়া নোহোৱাকৈ জনসাধাৰণক ঋণ প্ৰদান কৰাটো নিশ্চিত ক...

August 13, 2024 3:07 PM

views 59

ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন, বৈজ্ঞানিক চিন্তাধাৰা আৰু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ বাবে বিত্তমন্ত্ৰী সীতাৰমণৰ আহ্বান

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন, বৈজ্ঞানিক চিন্তাধাৰা আৰু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ হকে আহ্বান জনাইছে। ভূপালত আজি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সমাজৰ কল্যাণৰ বাবে বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ ব্যৱহাৰ হোৱা উচিত। নৱীকৰণ যোগ্য শক্তিক সময়ৰ আহ্বান বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক এই শক্তি মজুত কৰি ৰাখিব পৰা বেটাৰী আৰু অন্য সম্...