August 7, 2024 7:54 PM

views 59

চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, কৰ আৰোপৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে কৰ আইন তথা প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰা। লোকসভাত আজি বিত্ত বিধেয়ক ২০২৪ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে কয় যে, চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। চৰকাৰে কৰ বহু বেছি বৃদ্ধি নকৰাকৈ অধিক স্বচ্ছতাৰ লগতে নিয়ম পালন প্ৰক্ৰিয়াৰ সৰলীকৰণৰ সৈতে সহজ কৰ আ...

August 6, 2024 8:28 PM

views 52

প্রধানমন্ত্রী জন ধন একাউণ্ট আৰু বুনিয়াদি ছেভিং বেংক একাউণ্টৰ বাবে ন্যূনতম জমাৰাশিৰ আৱশ্যকতা নাইঃ বিত্তমন্ত্ৰী সীতাৰমন

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে প্রধানমন্ত্রী জন ধন একাউণ্ট আৰু বুনিয়াদি ছেভিং বেংক একাউণ্টৰ বাবে ন্যূনতম জমাৰাশিৰ আৱশ্যকতা নাই বুলি স্পষ্ট কৰি দিছে। ৰাজ্যসভাত প্রশ্নকালৰ সময়ত ন্যূনতম জমাৰাশি নথকাৰ বাবে একাউণ্ট ধাৰকসকলৰ পৰা বিভিন্ন বেংকে মাছুল আদায় কৰা সন্দৰ্ভত সোধা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কৈছে যে, চৰকাৰে বিত্তীয় প্ৰৱঞ্চনাৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। তেওঁ কয় যে, বিত্তীয় প্ৰৱঞ্চনা নিয়ন্ত্ৰণ কৰাৰ উ...

August 1, 2024 1:18 PM

views 34

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছেঃ বিত্তমন্ত্ৰী

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে, ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে – উন্নয়ন, কর্ম সংস্থাপন সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে। ৰাজ্যসভাত কালি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰত তেওঁ এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ৰ নীতিত বিশ্বাস ৰাখি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে বাজেটখনে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ নীতিত অটল আস্থা ৰখাকে প্ৰতিপন্ন কৰিছে। তেওঁ লগত...

July 11, 2024 8:57 PM

views 68

বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে দিল্লীত প্রধানমন্ত্রী মোদীৰ মত-বিনিময়

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত মত-বিনিময় কৰে। শ্ৰীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ গ্রহণ কৰে। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলো এই বৈঠকত উপস্থিত থাকে। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও অংশ লয়। উল্লেখযোগ্য যে, সংসদৰ বাজেট অধিবেশন ২২ জুলাইত আৰম্ভ হ'ব আৰু ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰ...

June 25, 2024 6:45 PM

views 57

বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ সভাপতিত্বত প্রাক্-বাজেট আলোচনা

কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ সভাপতিত্বত আজি নতুন দিল্লীত সমাগত সাধাৰণ বাজেটৰ বাবে প্রাক্-বাজেট আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰী, মুখ্য অর্থনৈতিক পৰামৰ্শদাতা ভি অনন্ত নাগেশ্বৰন, বিত্ত বিভাগৰ সচিব টি ভি সোমানাথন আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিবো উপস্থিত থাকে। যোৱা সপ্তাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। কৃষক সংঘৰ প্ৰত...

June 22, 2024 12:21 PM

views 49

নির্মলা সীতাৰমনৰ অধ্যক্ষতাত আজি নতুন দিল্লীত জি এছ টি পৰিষদৰ ৫৩ সংখ্যক বৈঠক

কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত জি এছ টি পৰিষদৰ ৫৩ সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। এয়া হ'ব নতুন চৰকাৰ গঠনৰ পাছত পৰিষদৰ প্ৰথমখন বৈঠক। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৭ অক্টোবৰত জি এছ টি পৰিষদৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল।

June 21, 2024 3:12 PM

views 51

দিল্লীত কৃষক সংগঠনৰ প্রতিনিধি আৰু কৃষি অর্থনীতিবিদসকলৰ সৈতে বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণৰ বাজেটৰ প্ৰাৰম্ভিক আলোচনা

সমাগত সাধাৰণ বাজেটৰ পূৰ্বে আজি বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে নতুন দিল্লীত কৃষক সংগঠনৰ প্রতিনিধি আৰু কৃষি অর্থনীতিবিদসকলৰ সৈতে বাজেটৰ প্ৰাৰম্ভিক আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যিক মন্ত্রী পংকজ চৌধাৰী, বিত্ত সচিব টি ভি সোমনাথন, মুখ্য অর্থনৈতিক উপদেষ্টা ভি অনন্থ নাগেশ্বৰন, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু কৃষি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে উদ্যোগৰ গৰাকী আৰু সংগঠনসমূহৰ লগতে আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে বাজেট সন্দৰ্ভত বৈঠকত মিলিত হৈছিল।

June 13, 2024 7:48 PM

views 54

২০২৪-২৫ বৰ্ষৰ নিয়মীয়া কেন্দ্ৰীয় বাজেটৰ প্ৰস্তুতি আৰম্ভ

২০২৪-২৫ বৰ্ষৰ নিয়মীয়া কেন্দ্ৰীয় বাজেটৰ প্ৰস্তুতি আৰম্ভ হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি বিত্তমন্ত্ৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে।

May 14, 2024 11:26 AM

views 52

এন ডি এ চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনা ইউ পি এৰ তুলনাত যথেষ্ঠ ভাল : নির্মলা সীতাৰমন

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে, এন ডি এ চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনা ইউ পি এৰ তুলনাত যথেষ্ঠ ভাল আৰু ক'ভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ সময়ত সাহায্য অভিযানৰ বাবে পৰ্যাপ্ত সম্পদ ব্যৱহাৰ কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এইদৰে প্ৰকাশ কৰে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰীমতী সীতাৰমনে দলটোৱে ইস্তাহাৰত প্ৰকাশ কৰা ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতিসমূহ পূৰণৰ বাবে কি পৰিকল্পনা গ্রহণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে। দলটোৱে প্ৰস্তাৱিত আঁচনিসমূহৰ বাবদ কিমান ব্যয...

May 9, 2024 9:30 PM

views 54

বিত্তমন্ত্ৰী সীতাৰমণৰ এদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড ভ্ৰমণ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে দেশৰ পূব প্ৰান্তত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত ঝাৰখণ্ডৰ ছেম্বৰ অব কমার্চ এণ্ড ইণ্ডাষ্ট্রিচ ফেদাৰেচনৰ ব্যৱসায়ীসকলৰ এখন সন্মিলনক সম্বোধন কৰে। শ্ৰীমতী সীতাৰমনে বিকশিত ভাৰতৰ প্ৰগতিৰ ইঞ্জিন পূর্বাঞ্চল সন্দৰ্ভত আয়োজিত আলোচনা চক্ৰখনত ভাষণ দিয়ে। ঝাৰখণ্ডত প্ৰভুত পৰিমাণে খনিজ সম্পদ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ৰাজ্যখন নিৰ্মাণৰ কেন্দ্ৰ হৈ পৰিব পৰাকৈ সম্ভাৱনাময়। বিগত কেইবাবছৰো ধৰি ৰাজ্য চৰকাৰৰ অস্থিৰ অৱস্থাৰ বাবে ঝা...