May 14, 2024 11:26 AM | Nirmala Sitaraman

printer

এন ডি এ চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনা ইউ পি এৰ তুলনাত যথেষ্ঠ ভাল : নির্মলা সীতাৰমন

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে, এন ডি এ চৰকাৰৰ বিত্তীয় ব্যৱস্থাপনা ইউ পি এৰ তুলনাত যথেষ্ঠ ভাল আৰু ক’ভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ সময়ত সাহায্য অভিযানৰ বাবে পৰ্যাপ্ত সম্পদ ব্যৱহাৰ কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এইদৰে প্ৰকাশ কৰে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰীমতী সীতাৰমনে দলটোৱে ইস্তাহাৰত প্ৰকাশ কৰা ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতিসমূহ পূৰণৰ বাবে কি পৰিকল্পনা গ্রহণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে। দলটোৱে প্ৰস্তাৱিত আঁচনিসমূহৰ বাবদ কিমান ব্যয় হ’ব সেয়া গণনা কৰিছে নে নাই সেই বিষয়েও তেওঁ জানিব বিচাৰে। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বিত্তীয় অপব্যয়ৰ বিশাল আঁচনিসমূহ কৰ বৃদ্ধি নকৰাকৈ বা বৃহৎ ঋণ নোলোৱাকৈ অথবা অর্থ ব্যৱস্থাৰ পতন অবিহনে কেনেকৈ ৰূপায়ণ কৰা হ’ব তাৰ ব্যাখ্যা আগবঢ়াবলৈ কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।