কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্প হোৱাৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক অথবা চালিকাশক্তি হিচাপে কাম কৰা উচিত বুলি মন্তব্য কৰিছে। ব্ৰিকছ সদস্য দেশসমূহৰ ব্যক্তিগত মূলধন সংগ্ৰহৰ ক্ষেত্ৰত নিউ ডেভেলপমেণ্ট বেংকৰ ভূমিকা শীর্ষক এখন আলোচনা চক্ৰত অংশগ্রহণ কৰি বিত্তমন্ত্রীগৰাকীয়ে কয়, যে ব্রিকছৰ অৰ্থনীতি গোলকীয় বিকাশৰ অন্যতম চালিকাশক্তি। কিন্তু ব্যক্তিগত মূলধন আকৰ্ষণৰ ক্ষেত্ৰত এই দেশসমূহ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। জয়পুৰত অনুষ্ঠিত আলোচনা চক্ৰত অংশগ্ৰহণ কৰি সীতাৰমণে কয়, যে মূলধনৰ উপলব্ধতাৰ সমান্তৰালকৈ বিনিয়োগকাৰীৰ বিশ্বাস গঢ়ি তোলা, সুস্থিৰতা বৰ্তাই ৰখা আৰু এক পূর্বানুমানযোগ্য তথা দীৰ্ঘম্যাদী নীতিৰ পৰিকাঠামো প্ৰদান কৰাতো সমানেই গুৰুত্বপূর্ণ।
Assamese | August 12, 2026 8:18 PM | Nirmala Sitaraman
ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্প হোৱাৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক হিচাপে কাম কৰা উচিত বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ