উত্তৰ পশ্চিম যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ সমীপৰ এটা পুখুৰীত কালি এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। মৃত লোকজনক মালোপথাৰৰ ৰান্ধনীজান গাঁৱৰ প্ৰসেনজিৎ শইকীয়া বুলি চিনাক্ত কৰা হৈছে। ২২ ডিচেম্বৰৰ দুপৰীয়াৰ পৰা লোকজন সন্ধানহীন হৈ আছিল। তেওঁ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
Assamese | December 26, 2025 8:20 PM | Akashvani | Akashvani News | Local news
উত্তৰ পশ্চিম যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ সমীপৰ পুখুৰীত এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ