■ মহাকাশ আৰু প্ৰযুক্তি ক্ষেত্ৰৰ ধন কুবেৰ এলন মাস্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী সামৰ্থ্য দপ্তৰ, ড’জৰ মুৰব্বী হিচাপে তেওঁৰ কাৰ্যকালৰ সামৰণি পৰা বুলি ঘোষণা কৰিছে। এই পদত কাৰ্যনিৰ্বাহৰ জৰিয়তে পুঁজিৰ অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰাৰ সুযোগ দিয়াৰ বাবে তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক ধন্যবাদ জ্ঞাপন কৰে। সময় বাগৰাৰ লগে লগে ড’জ অভিযান অধিক শক্তিশালী হৈ চৰকাৰী প্ৰক্ৰিয়াত ক্ৰমান্বয়ে স্বাভাৱিক হৈ পৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মাস্কে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক প্ৰথমবাৰৰ বাবে সমালোচনা কৰাৰ এদিন পাছতে তেওঁ কার্যকাল সামৰণিৰ কথা ঘোষণা কৰে।
Assamese | May 29, 2025 3:53 PM | Akashvani News | Donald Trump | Elon musk
আমেৰিকাৰ চৰকাৰী সামৰ্থ্য দপ্তৰ, ড’জৰ মুৰব্বী হিচাপে এলন মাস্কৰ কাৰ্যকালৰ সামৰণি