ষ্ট্ৰোক বা মস্তিষ্কৰ ৰক্ত সঞ্চালনজনিত আকস্মিক ৰোগৰ বিষয়ে সজাগতা সৃষ্টি আৰু ইয়াৰ আগতীয়া লক্ষণসমূহ চিনাক্ত কৰাৰ গুৰুত্ব সম্পর্কে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে আজি বিশ্ব ষ্ট্রোক দিৱস পালন কৰা হৈছে।
এইবছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে, প্ৰতিটো মিনিটেই গুৰুত্বপূৰ্ণ-ষ্ট্ৰোকৰ লক্ষণসমূহ চিনাক্ত কৰক। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাই এই সন্দৰ্ভত কয়, যে মুখমণ্ডল হঠাতে এফালে বেঁকা হৈ পৰা অথবা কথা কোৱাত অসুবিধা হোৱা ধৰণৰ লক্ষণসমূহ কেতিয়াও আওকাণ কৰিব নালাগে।
তেওঁ এই বিষয়ে গুৰুত্ব আৰোপ কৰি কয়, যে তৎক্ষণাৎ চিকিৎসা সেৱা গ্ৰহণে ৰোগীৰ আৰোগ্য লাভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰীনাড্ডাই সমূহ নাগৰিকক ষ্ট্ৰোকৰ আগতীয়া লক্ষণসমূহ জানিবলৈ আৰু সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা বিতংভাৱে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।