ৰাজ্যৰ বিভিন্ন ঠাইত আজি জ্ঞানপীঠ বঁটাৰে সন্মানিত কাব্যঋষি নীলমণি ফুকনৰ ৯৫ সংখ্যক ওপজা দিন উদযাপন কৰা হৈছে। ১৯৩৩ চনত ১০ ছেপ্তেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত নীলমণি ফুকনে কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে ১৯৮১ চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁক ১৯৯০ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। নীলমণি ফুকনক সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জন্ম বার্ষিকী উপলক্ষে সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। ড০ শর্মাই এটা বার্তাযোগে কয়, যে আগশাৰীৰ কবি, জ্ঞানপীঠ সন্মানেৰে বিভূষিত নীলমণি ফুকনে তেওঁৰ অনন্য সৃষ্টিশীলতাৰে অসমীয়া সাহিত্যক নতুন শিখৰ প্ৰদান কৰিছে।
সাহিত্যিকগৰাকীয়ে কবিতা, শিল্পকলা, অধ্যাপনা আৰু সমালোচনা সকলো ক্ষেত্ৰতে গভীৰ পাণ্ডিত্য আৰু সৃষ্টিশীল মননৰ পৰশেৰে অসমৰ বৌদ্ধিক জগতখনক সমৃদ্ধ কৰি থৈ গৈছে বুলি ড০ শৰ্মাই মন্তব্য কৰে। তেওঁ লগতে সাহিত্যিকগৰাকীৰ অমৰ সৃষ্টিৰাজি অসমৰ সাহিত্যৰ আকাশত সদায় ভাস্কৰ হৈ থাকিব বুলি প্ৰকাশ কৰে।