প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ মার্চত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১২০ সংখ্যক খণ্ড। প্রধানমন্ত্রীয়ে মন কী বাতৰ আসন্ন খণ্ডটিৰ বাবে জনসাধাৰণৰ দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভমুকলি মঞ্চৰ জৰিয়তেও জনসাধাৰণে দিহা-পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। মন কী বাতৰ এই খণ্ডটিৰ বাবে কাইলৈ পর্যন্ত প্ৰেৰণ কৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰা হ’ব।
এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ বাতৰি বিভাগৰ ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।
Assamese | March 27, 2025 3:53 PM | Akashvani News | Maan ki Baat | PMO India
অহা ৩০ মার্চত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান