অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা দুদিন বৃদ্ধি কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা ৯ আৰু ১০ জুনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়নৰ বাবে প’ৰ্টেল মুকলি কৰিব। এই সময়ছোৱাত সকলো বিদ্যালয়কে পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী পৰ্যায়ত পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰা নহ’ব আৰু অফ লাইনত কোনো আবেদন গ্ৰহণ কৰা নহ’ব বুলি নিৰ্দেশনাটোৰ জৰিয়তে সচিবে প্রকাশ কৰিছে।
Assamese | June 6, 2025 7:08 PM | Akashvani News | Assam Education
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা ২দিনলৈ বৃদ্ধি