অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ অহা বছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত ৰূপায়ণ কৰা হ’ব। ইফালে, কেবিনেটৰ আন এটা সিদ্ধান্ত অনুসৰি কৰ্তব্যৰত অৱস্থাত মৃত্যু অথবা সম্পূৰ্ণৰূপে বিকলাংগ হোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ১ কোটি টকাৰ বীমা আৰু দুৰ্ঘটনাৰ ফলত আংশিকভাৱে ঘূণীয়া হোৱা কৰ্মচাৰীৰ বাবে ৮০ লাখ টকাৰ বীমাৰ ব্যৱস্থা কৰা হ’ব। কেবিনেটে লগতে ২০ লাখ নতুন ৰেচন কাৰ্ড প্ৰদান কৰাতো অনুমোদন জনায়।
Assamese | September 5, 2024 6:10 PM | Akashvani | Akashvani Guwahati | Assam Govt | Guwahati
অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ