বায়ুসেনা বাহিনীৰ মুৰব্বী এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিঙে বায়ু সেনা বাহিনীয়ে অপাৰেচন সিন্দূৰৰ সময়ত অদম্য সাহস আৰু বীৰত্বৰ পৰিচয় দিয়া বুলি প্ৰকাশ কৰিছে। গাজিয়াবাদৰ হিন্দন বায়ু সেনা ঘাটিত বায়ু সেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বায়ুসেনা বাহিনীৰ মুৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অপাৰেচন সিন্দুৰৰ সময়ত বায়ু সেনা বাহিনীৰ নিদৰ্শনমূলক প্ৰদৰ্শনে সমগ্র ৰাষ্ট্ৰক গৌৰৱান্বিত কৰিছে। তেওঁ কয়, যে সঞ্চালন পৰিকল্পনাৰ নতুন প্রণালী, অস্ত্ৰ-শস্ত্ৰ আৰু আহিলা-পাতি সংযোজনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাটো গুৰুত্বপূৰ্ণ সাফল্যৰূপে পৰিগণিত হৈছে। তেওঁ কয়, যে বায়ু সেনা বাহিনীয়ে সিন্ধু অভিযানৰ সময়ত সংঘৰ্ষজৰ্জৰ এলেকাৰ পৰা ভাৰতীয় নাগৰিকসকলক আঁতৰাই অনাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কয়, যে বায়ু সেনা বাহিনীয়ে ১৯৪৭ চনত কাশ্মীৰৰ সুৰক্ষাৰ পৰা, ১৯৭১ চনৰ যুদ্ধত নির্ণায়ক ভূমিকা পালন, ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধ আৰু ২০১৯ চনৰ বালাকোট বিমান আক্ৰমণলৈকে প্ৰতিটো যুগতে নতুন ইতিহাস ৰচনা কৰি আহিছে।
Assamese | October 8, 2025 7:11 PM | Akashvani | Akashvani News | operation sindoor
অপাৰেচন সিন্দূৰৰ সময়ত অদম্য সাহস আৰু বীৰত্বৰ পৰিচয় দিয়া বুলি এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিঙৰ প্ৰকাশ