ভাৰতৰ সামুদ্রিক নিৰাপত্তা ব্যৱস্থাত প্রযুক্তি নিৰ্ভৰ ৰূপান্তৰৰ প্ৰয়োজনঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ বন্দৰসমূহক কেৱল সামগ্ৰী পৰিবহন ক্ষমতা আৰু কাৰ্যকৰী নিপুণতাৰে জুখি সুৰক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ভাবুকিৰ সন্মুখীন হব পৰা যোগ্যতাৰ বিষয়েও গুৰুত্ব দিব লাগিব বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি দ্বিতীয় ৰাষ্ট্ৰীয় বন্দৰ নিৰাপত্তা সন্মিলন ২০২৬ত ভাষণ দি তেওঁ কয় যে ভাৰতৰ সামুদ্রিক নিৰাপত্তা ব্যৱস্থাত প্রযুক্তি নিৰ্ভৰ ৰূপান্তৰৰ প্ৰয়োজন।

দেশৰ বন্দৰ যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত থকা বর্ধিত ভূমিকাৰ বাবে সম্প্ৰতি দেখা দিয়া ভূ-ৰাজনৈতিক আৰু চাইবাৰ প্ৰত্যাহ্বানসমূহ প্ৰতিৰোধ কৰিবলৈ সংহত স্থায়ী আৰু সুসজ্জিত নিৰাপত্তা ব্যৱস্থাৰ প্ৰয়োজন। তেওঁ সামুদ্রিক অংশীদাৰসকলক উন্নত প্রযুক্তি ব্যৱহাৰ কৰি প্ৰতিষ্ঠানক সহযোগিতা শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়।

ভাৰতৰ দীৰ্ঘম্যাদী সামুদ্রিক লক্ষ্যসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত ভৱিষ্যমুখী সুৰক্ষা পৰিবেশতন্ত্ৰ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে নিৰাপদ বন্দৰে শক্তিশালী বাণিজ্য, শক্তিশালী বাণিজ্যই শক্তিশালী অর্থনীতি আৰু শক্তিশালী অর্থনীতিয়ে এখন শক্তিশালী দেশ নিৰ্মাণ কৰে বুলি সজোৰে কয়।

এই সন্মিলনত গৃহ পৰিক্ৰমা, ভাৰতীয় নৌ বাহিনী, ভাৰতীয় উপকূলৰক্ষী বাহিনী, ৰাজ্যিক সামুদ্রিক বোর্ড আদিৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে প্ৰধান বন্দৰসমূহৰ কৰ্তৃপক্ষ আৰু ভাৰতৰ সামুদ্রিক খণ্ডত দেখা দিয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ নিষ্পত্তিৰ বাবে কাম কৰা কম গুৰুত্বসম্পন্ন বন্দৰ আৰু উদ্যোগসমূহৰ প্ৰতিনিধিসহ প্ৰায় ১৪০টা সংগঠনে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।