August 7, 2026 12:13 PM

views 14

ভাৰতৰ সামুদ্রিক নিৰাপত্তা ব্যৱস্থাত প্রযুক্তি নিৰ্ভৰ ৰূপান্তৰৰ প্ৰয়োজনঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ বন্দৰসমূহক কেৱল সামগ্ৰী পৰিবহন ক্ষমতা আৰু কাৰ্যকৰী নিপুণতাৰে জুখি সুৰক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ভাবুকিৰ সন্মুখীন হ'ব পৰা যোগ্যতাৰ বিষয়েও গুৰুত্ব দিব লাগিব বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি দ্বিতীয় ৰাষ্ট্ৰীয় বন্দৰ নিৰাপত্তা সন্মিলন ২০২৬ত ভাষণ দি তেওঁ কয় যে ভাৰতৰ সামুদ্রিক নিৰাপত্তা ব্যৱস্থাত প্রযুক্তি নিৰ্ভৰ ৰূপান্তৰৰ প্ৰয়োজন। দেশৰ বন্দৰ যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত থকা বর্ধিত ভূমিকাৰ বাবে সম্প্ৰতি দেখা দিয়া ভূ-ৰাজনৈত...