■ দক্ষিণ কাশ্মীৰৰ চপিয়ান জিলাত আজি আৰক্ষীয়ে দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে চপিয়ানৰ মালিক চক ক্ৰচিঙত থকা এটা নিৰীক্ষণ চকীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, আৰক্ষী আৰু সেনাবাহিনীৰ ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানে যুটীয়াভাৱে অভিযান চলাই এই সন্ত্রাসবাদী দুটাক আটক কৰে। সন্ত্ৰাসবাদী দুটা চপিয়ানৰ বাবা মহল্লাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ হাতৰ পৰা ভালেমান আপত্তিজনক সমগ্ৰী উদ্ধাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত হিৰপোৰা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰাৰ লগতে তদন্ত আৰম্ভ কৰা হৈছে।
Assamese | May 11, 2024 2:40 PM | Jammu | Terrorist
দক্ষিণ কাশ্মীৰৰ চপিয়ান জিলাত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ