থাইলেণ্ডৰ কেবিনেটে পেটংটার্ণ ছিনাৱাট্টাৰ নিলম্বনৰ পাছত উপ-প্রধানমন্ত্রী ফুমথাম ৱেচায়াচাইক ভাৰপ্ৰাপ্ত প্রধানমন্ত্রী হিচাপে নিযুক্তি দিবলৈ সন্মতি প্রদান কৰিছে। দেশখনৰ প্রথমগৰাকী ভাৰপ্ৰাপ্ত প্রধানমন্ত্রী হিচাপে ফুমথামৰ প্ৰধানমন্ত্ৰীৰ সমানেই কর্তৃত্ব আৰু দায়িত্ব থাকিব। উপ প্রধানমন্ত্রী তথা পৰিৱহণ মন্ত্ৰী চুৰিয়া জুংগুংগ্ৰেয়াংগকিটক দ্বিতীয়গৰাকী ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ পূৰ্বে থাইলেণ্ডৰ সাংবিধানিক আদালতে প্রধানমন্ত্রী পদৰ পৰা পেটংটার্ণ ছিনাৱাট্রাক নিলম্বন কৰিছিল।
Assamese | July 4, 2025 12:24 PM | Thailand
ফুমথাম ৱেচায়াচাইক ভাৰপ্ৰাপ্ত প্রধানমন্ত্রী হিচাপে নিযুক্তি দিবলৈ সন্মতি প্রদান থাইলেণ্ড কেবিনেটৰ