August 21, 2024 8:38 PM

views 63

চলিত বছৰৰ ১ জানুৱাৰীৰ পৰা ১৫ আগষ্টলৈকে ২২৫জন অবৈধ প্ৰব্ৰজনকাৰী আৰু ১৬জন ভাৰতীয় এজেণ্টক আটক ৰে’লৱেৰ সুৰক্ষা বাহিনীৰ

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সুৰক্ষা বাহিনীয়ে চলিত বছৰৰ ১ জানুৱাৰীৰ পৰা যোৱা ১৫ আগষ্টপর্যন্ত ৰে’লৱে’ৰ অধীনৰ বিভিন্ন তালাচী চলাই ২২৫জন অবৈধ প্ৰব্ৰজনকাৰী আৰু ১৬জন ভাৰতীয় এজেণ্টক আটক কৰে। ৰে’লৱে' আৰক্ষীয়ে ষ্টেচনৰ লগতে ৰে'লত যাতায়াত কৰা অবৈধ প্ৰব্ৰজনকাৰী, ৰোহিংগিয়া আৰু অন্য সন্দেহযুক্ত লোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। এনে লোক চিনাক্ত হোৱা মাত্ৰেই আৰক্ষীয়ে ততালিকে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

July 31, 2024 11:07 AM

views 57

২০৩০ চনৰ ভিতৰত শূণ্য কাৰ্বন নির্গমনৰ লক্ষ্যত উপনীত হ’ব : উত্তৰ পূব সীমান্ত ৰে’লৱে

ভাৰতীয় ৰেল নীতিৰ সৈতে সংগতি ৰাখি উত্তৰ পূব সীমান্ত ৰেল ২০৩০ চনৰ ভিতৰত শূণ্য কাৰ্বন নির্গমনৰ লক্ষ্যত উপনীত হ'বলৈ অগ্ৰসৰ হৈছে। জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াসেৰে উত্তৰ পূব সীমান্ত ৰেলৱেই সমগ্ৰ সংমণ্ডল সেৱা ভৱন আৰু অন্যান্য প্রতিষ্ঠানসমূহত মুধচৰ ওপৰৰ সৌৰ শক্তি স্থাপনেৰে অধিক সেউজ শক্তি উৎপাদনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। নবীকৰণযোগ্য শক্তিৰ জৰিয়তে নিজৰ চাহিদা পূৰণ কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰেলৱেই নবীকৰণযোগ্য উৎসৰ পৰা ১ দশমিক ৪-৫ মিলিয়ন ইউনিট শক্তি উৎপাদন কৰিছে, যাৰ ফলত যোৱা এপ্রিল...

July 6, 2024 1:00 PM

views 42

বান পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

বান পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱে আজি আৰু কাইলৈ কেইবাখনো ৰে'লৰ যাত্ৰা বাতিল কৰিছে। সেই অনুসৰি শিলচৰ-গুৱাহাটী, শিলচৰ-মাইশ্বাছান, মাইশ্বাছান-শিলচৰ, শিলচৰ-ডুলাবচ্চেৰা, শিলচৰ- শ্ৰীবাৰ, শিলচৰ-ভৈৰৱী, শিলচৰ-নিউ তিনিচুকীয়া, বদৰপুৰ-ডুলাবচ্চেৰা, ডুলাবচ্চো-বদৰপুৰ আদি ৰে'লৰ যাত্ৰা বাতিল কৰিছে। কাইলৈও গুৱাহাটী-শিলচৰ, ডুলাবচ্চো-শিলচৰ, ভৈৰৱী-শিলচৰ, নিউ তিনিচুকীয়া-শিলচৰ আদি ৰে'ল যাত্ৰা বাতিল কৰা হৈছে।

June 18, 2024 8:09 PM

views 76

নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ

পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ সমীপৰ নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত কালি সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ হৈছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱে প্ৰকাশ কৰা মতে, অবধ আসাম এক্সপ্ৰেছ ৰেলগাড়ীখনৰ নামনিমুৱা সেৱা আজি পুৱা ৭.৩০ বজাত পুনৰ আৰম্ভ কৰা হৈছে। ৰেলপথছোৱাৰে কালিয়েই উজনিমুৱা সেৱা বাহাল কৰা হৈছিল। এই ৰেল দুৰ্ঘটনাত ৯ জন লোকে প্রাণ হেৰুৱাইছিল।

June 4, 2024 9:06 PM

views 81

নিউ হাফলং-চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ বাবে ৫ জুনলৈকে কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

ৰীমাল পৰৱৰ্তী প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত হোৱা বানপানীয়ে ১৩ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত কৰিছে। কাছাৰ জিলাত ৪ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায...

May 27, 2024 12:12 PM

views 54

যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৫৬ খন নতুন ফুট অ’ভাৰব্রীজ নির্মাণ কৰাৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱে ইয়াৰ সংমণ্ডলৰ ভিতৰত থকা এলেকাসমূহত যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে শীঘ্ৰে কেতবোৰ ষ্টেচনৰ ৫৬ খন নতুন ফুট অ'ভাৰব্রীজ নির্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে যাত্ৰীসকলে যাতে সুৰক্ষিতভাৱে এটা প্লেটফৰ্মৰ পৰা আনটো প্লেটফৰ্মলৈ অহা-যোৱা কৰিব পাৰে তাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই বিগত বৰ্ষত ১০খন ফুটব্রীজ নির্মাণ কৰে। বৰ্তমান কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়াকে ধৰি মুঠ পাঁচটা সংমণ্ডলৰ ২৭৯ খন কার্যক্ষম ফুট অভাৰব্রীজ আছে।

May 21, 2024 11:51 AM

views 54

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ টিকটবিহীন যাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’লৈকে ১০ কোটি ৬৫ লাখ টকা সংগ্ৰহ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই টিকটবিহীন যাত্ৰীৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই বিশেষ সফলতা অর্জন কৰিছে। চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’ লৈকে এনে অভিযানত ১০ কোটি ৬৫ লাখ টকা সংগ্ৰহ কৰা হৈছে৷ যোৱা বছৰৰ এপ্ৰিলৰ পৰা এইবছৰৰ মাৰ্চলৈ চলোৱা অভিযানত টিকট অবিহনে যাত্ৰা কৰা ৭ লাখ ৯৩ হাজাৰ ১৭০ গৰাকী লোকক চিনাক্ত কৰা হয় আৰু তেওঁলোকৰ পৰা জৰিমনা হিচাপে ৬৬ কোটি ২৭ লাখ টকা আদায় কৰা হৈছে। ২০২২-২৩ বৰ্ষত উত্তৰ-পূব সীমান্ত ৰে'লৱেই টিকট অবিহনে যাত্ৰা কৰা ৭ লাখ ৭৮ হাজাৰ ৮০৮ গৰাকী লোকক চিনাক্ত কৰি তেওঁলোকৰ পৰা ...

May 20, 2024 8:46 PM

views 58

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ টিকটবিহীন যাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’পৰ্যন্ত ১০ কোটি ৬৫ লাখৰো অধিক টকা সংগ্ৰহ

উত্তৰ-পূব সীমান্ত ৰে’লৱেই টিকটবিহীনভাৱে যাত্ৰা কৰা যাত্ৰীসকলক চিনাক্ত কৰি প্ৰকৃত যাত্ৰীসকলৰ যাত্ৰা সূচল কৰি তুলিবলৈ চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কালিপর্যন্ত অভিযান চলাই ১০ কোটি ৬৫ লাখৰো অধিক টকা সংগ্ৰহ কৰিছে। আনহাতে যোৱা বছৰৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চপর্যন্ত চলোৱা অভিযানত টিকটবিহীনভাৱে ভ্ৰমণ কৰা যাত্ৰীৰ পৰা ৬৬ কোটি ২৭ লাখৰো অধিক টকা সংগ্ৰহ কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৰ লগতে ৰে’ল যাত্ৰাৰ সময়ত অসুবিধাৰ সন্মুখীন নহ'বলৈ সকলো যাত্রীকে বৈধ পৰিচয় পত্র লগত নিবলৈ আহ্বান জনাইছে। যাত্ৰীসকলে অসং...

May 8, 2024 8:07 PM

views 59

উত্তৰ-পূব সীমান্ত ৰে’লৱে লোকসভা নিৰ্বাচনৰ সময়ছোৱাত কোনো কোনো ঠাইত অতিৰিক্তভাৱে ৰে’লগাড়ী ২ মিনিটকৈ ৰখোৱাৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত হোৱা যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোৰ বাবে কেইবাখনো ৰে'লগাড়ী কোনো কোনো ঠাইত অতিৰিক্তভাৱে ২ মিনিটকৈ ৰখোৱাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আজি হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ বিজনী আৰু কৈঠালকুছিত, পুৰী-কামাখ্যা এক্সপ্ৰেছ বিজনী, সৰভোগ, পাঠশালা, টিহু আৰু নলবাৰীত, টম্বাৰাম-শিলঘাট টাউন এক্সপ্ৰেছ বৰপেটা ৰোড আৰু নলবাৰীত, শিয়ালদহ-শিলঘাট কাঞ্চনজংঘা এক্সপ্ৰেছ নলবাৰীত, শিলচৰ-সৰভোগ এক্সপ্ৰেছ নলবাৰী আৰু বিজনীত, গুৱাহাটী-জম্মু টাৱাই ...