April 26, 2025 7:19 PM

views 66

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন

উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি গুৱাহাটীৰ ৰে'ল ষ্টেচনত ১৩৪টা এ আই চালিত কেমেৰা প্ৰতিটো প্লেটফৰ্ম, জিৰণিকক্ষৰ লগতে ষ্টেচনটোৰ গুৰুত্বপূৰ্ণ স্থানত সংস্থাপন কৰা হৈছে। একেদৰে গুৱাহাটী ৰেল ষ্টেচনটোৰ ২০টা স্থানত পেনিক বুটাম লগোৱা হৈছে। এক কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে এই ব্যৱস্থা কৰা হৈছে বুলি জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগত...

April 1, 2025 12:46 PM

views 58

গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’ল চলাচলৰ সিদ্ধান্ত

■ উত্তৰ-পূব সীমান্ত ৰে'লৱে গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে ৪ টা যাত্ৰাৰ বাবে বিশেষ ৰে’ল চলাচলৰ সিদ্ধান্ত লৈছে। ৰে’লসমূহ অহা ১০ এপ্ৰিলৰ পৰা ৪ মে’লৈকে ছত্রপতি শিৱাজী মহাৰাজ টার্মিনাছ আৰু নাৰেংগী ষ্টেছনৰ মাজত আৰু ৬ ৰ পৰা ২৯ এপ্ৰিললৈ কোলহাপুৰ আৰু কাটিহাৰৰ মাজত প্ৰতিটো দিশত ৪ টা যাত্ৰাৰ বাবে চলাচল কৰোৱা হ'ব। ০১০৬৫ নম্বৰৰ বিশেষ ৰে'লখন ১০ এপ্ৰিলৰ দিনৰ ১১ বাজি ৫ মিনিটত ছত্রপতি শিৱাজী টার্মিনাছৰ পৰা যাত্ৰা কৰি ১২ এপ্ৰিলৰ দিনৰ ১১ বজাত নাৰেঙ্গীত উপস্থিত হ'ব। একেদৰে ০১০৬৬ নম্বৰৰ ৰে’লখন ১৩ ...

February 20, 2025 8:58 PM

views 63

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু শিমলুগুৰি ডিব্ৰুগড় খণ্ডৰ ৰেলৱে বৈদ্যুতিকৰণ প্ৰকল্পৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই কথা প্ৰকাশ কৰিছে। যোৱা ৩১ জানুৱাৰীত মৰিয়নি-শিমলুগুৰি-ডিব্ৰুগড় খণ্ডৰ বাবে বৈদ্যুতিক লোকোমটিভৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হয় বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তাই কালি আৰু আজি এই সমগ্ৰ খণ্ডট...

December 26, 2024 12:32 PM

views 64

মানৱবিহীন লেভেল ক্ৰ’চিংৰ ৮০৯টাত বেৰিকেড দিয়াৰ কাম সম্পূৰ্ণ উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ

উত্তৰ-পূব সীমান্তৰ ৰে'লৱেই সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা মুঠ ৯৫০টা মানৱবিহীন লেভেল ক্ৰ'চিং চিনাক্ত কৰি ইয়াৰে ৮০৯টাত বেৰিকেড দিয়াৰ কাম সম্পূৰ্ণ কৰিছে। ৰে'ল বিভাগে জনোৱা অনুসৰি তিনিচুকীয়া ২৩৫টা, লামডিঙত ২২১টা, ৰঙিয়া ৮৮টা, আলিপুৰদুৱাৰত ১৭১টা আৰু কাটিহাৰত ৯৪টা স্থানত বেৰিকে স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে নিয়ম নামানি ৰে'লপথ অতিক্ৰম কৰাটো দণ্ডনীয় অপৰাধ যদিও সাধাৰণ নাগৰিকে বিষয়টো আওকান কৰাৰ ফলত সঘনাই এনে স্থানসমূহত দুৰ্ঘটনা আৰু প্ৰাণহানিৰ ঘটনা সংঘটিত হৈ আহিছে। সেয়েহে ৰে'ল সুৰক্ষা বাহিনীয়ে শিক্ষা...

December 13, 2024 7:30 PM

views 49

ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদৰ বাবে ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন উত্তৰ পূৱ সীমান্ত ৰে’লৱে

উত্তৰ পূৱ সীমান্ত ৰে’লৱে ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদ কৰি তোলাৰ বাবে সংমণ্ডলটোৰ ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয়, যে এই সংমণ্ডলৰ অন্তৰ্গত কেইবাটাও খণ্ডত চিগনেলিং প্রণালী উন্নীত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০২৪ চনৰ নৱেম্বৰ মাহৰ সময়ছোৱাত কাতিহাৰৰ ৪ খন লেভেল ক্ৰছিং গেট, আলিপুৰ দুৱাৰৰ এখন আৰু লামডিং মণ্ডলৰ দুখন লেভেল ক্ৰছিং গেটৰ শাইদিং বুম স্থাপন কৰা হৈছে ব...

November 7, 2024 8:29 PM

views 93

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱ পালনৰ পাছত নিজ নিজ ঘৰলৈ যাব বিছৰা যাত্ৰীসকল ইয়াৰ পৰা লাভান্বিত হ’ব। ৰে'লৱেই পৰৱৰ্তী তিনি দিনত প্ৰায় ৪৭৬ খন ৰে’লগাড়ী চলোৱাৰ পৰিকল্পনা কৰিছে।

November 4, 2024 6:35 PM

views 66

ষট পূজা উপলক্ষে ৰে’ল বিভাগৰ যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে’লৰ ব্যৱস্থা

ষট পূজা উপলক্ষে ৰে’ল বিভাগে যাত্ৰীৰ সুবিধা আৰু সুচল যাত্ৰাৰ বাবে বিশেষ ৰে’লগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ১৮৫ খন বিশেষ ৰে'ল গাড়ী চলোৱা হৈছে আৰু প্ৰায় ২৫খন উৎসৱ বিশেষ ৰে'ল দিল্লী এন চি আৰৰ পৰা বিভিন্ন প্ৰান্তলৈ চলোৱা হৈছে। ইয়াৰ ভিতৰত ছাহৰছা, বাৰানসী, আয়োধ্যা, লক্ষ্ণৌ, পাটনা, মুজাফৰপুৰ, গোড়খপুৰ, প্ৰয়াগৰাজ, দ্বাৰভাংগা, ইন্দোৰ আৰু থিৰুৱানন্তপুৰমলৈ বিশেষ ৰে'লগাড়ী চলোৱাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত উত্তৰ ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া হিমাংশু ...

November 1, 2024 12:58 PM

views 53

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত ৮ খন বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই উৎসৱ উপলক্ষে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন ৰে'লৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়ে। নিউ জলপাইগুৰিৰ পৰা গোমতীনগৰ, ৰাঁচিৰ পৰা পুৰ্ণীয়া কৰ্ট, কাটিহাৰৰ পৰা গোমতীনগৰ, টাটানগৰ জংছনৰ পৰা কাটিহাৰ, গুৱাহাটীৰ পৰা গোমতীনগৰ, চণ্ডিগড়ৰ পৰা কাটিহাৰ, আগৰতলাৰ পৰা ধৰ্মানগৰ আৰু আগৰতলাৰ পৰা ছাৰুমলৈ বিশেষ ৰে'লৰ ব্যৱস্থা ক...

October 26, 2024 6:53 PM

views 59

উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত

উত্তৰ পূৱ সীমান্ত ৰে’লৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি এখন বিশেষ ৰে’ল বৈষ্ণোদেৱী কাত্ৰাৰ পৰা ২৮ অক্টোবৰ আৰু ২ নৱেম্বৰত সন্ধিয়া ৬.৪৫ মিনিটত যাত্ৰা কৰি ৩০ অক্টোবৰ আৰু ৪ নৱেম্বৰৰ নিশা ১০ বজাত কামাখ্যাত উপস্থিত হ’ব। একেদৰে ৰে’লখন ৩১ অক্টোবৰ আৰু ৫ নৱেম্বৰত কামাখ্যাৰ পৰা পুৱা ৬ বজাত যাত্ৰা কৰি ২ আৰু ৭ নৱেম্বৰৰ পুৱা ৬ বাজি ২০ মিনিটত কাত্ৰাত উপস্থিত হ’ব। এই সময়ছোৱাৰ বাবে কাতিহাৰৰ পৰা মনিহাৰী সংযোগী দুখন ৰে’ল ২৫...

September 6, 2024 8:53 PM

views 71

উৎকৃষ্টমানৰ ৰে’লসেৱা প্ৰদানৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়ববীয়াসকলক এখন সুকীয়া মণ্ডল গঠনৰ আহ্বান সাংসদ ৰকিবুল হুছেইনৰ

সাংসদ ৰকিবুল হুছেইনে অসম তথা উত্তৰ-পূৱৰ ৰাইজক উৎকৃষ্টমানৰ ৰে’লসেৱা প্ৰদানৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়ববীয়াসকলক এখন সুকীয়া মণ্ডল গঠন কৰাৰ বাবে আহ্বান জনাইছে। উত্তৰ-পূৱ সীমান্ত ৰেলত প্ৰায় ৮ হেজাৰ পদ খালী হৈ আছে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে এই খালী পদসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবেও দাবী জনায়। ধুবুৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা আয়ুক্ত দিবাকৰ নাথৰ উপস্থিতিত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ বিষয়ববীয়াসকলৰ সৈতে সাংসদগৰাকীয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।...