September 10, 2026 1:26 PM

views 3

উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৪খন অতিৰিক্ত বিশেষ ৰে’লৰ সেৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত

আসন্ন উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৪খন অতিৰিক্ত বিশেষ ৰে’লৰ সেৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। ০৪০০৮ আৰু ০৪০০৭ নম্বৰৰ আনন্দ বিহাৰ-যোগবণী উৎসৱ বিশেষ এক্সপ্ৰেছ ৰে'লগাড়ীখন ১০ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈ ৫ বাৰকৈ অহা-যোৱা কৰিব। ০৮০৪৭/০৮০৪৮ নম্বৰৰ সন্ত্ৰাগাছী জংচন-নাহৰলগুন বিশেষ ৰে’লগাড়ীখন ১১ ৰ পৰা ২৬ ছেপ্তেম্বৰলৈ তিনিবাৰকৈ যাত্ৰা সম্প্ৰসাৰিত কৰা হৈছে। যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰে'ল দুখনত দবাৰ সংখ্যাও বৃদ্ধি কৰা হৈছে...

July 25, 2026 9:24 PM

views 14

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বান ক্ষতিগ্রস্ত ৰেলখণ্ডসমূহৰ মেৰামতিৰ কাম অব্যাহত

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বান ক্ষতিগ্রস্ত ৰেলখণ্ডসমূহ যুদ্ধকালীন তৎপৰতাৰে পুনৰ উপযোগী কৰি তোলাৰ কাম অব্যাহত ৰাখিছে। এই ৰেলপথসমূহেৰে পুনৰ ৰে'ল চলাচল আৰম্ভ কৰাৰ বাবে ক্ষতিগ্রস্ত স্থানসমূহত বৃহৎ সংখ্যক কৰ্মী নিয়োগ আৰু অত্যাধুনিক যন্ত্রপাতি ব্যৱহাৰ কৰি দিনে নিশাই কাম চলাই থকা হৈছে।  শিমলুগুৰি লাকুৱা খণ্ডৰ ৰেলপথৰ গাথনি শক্তিশালীকৰণৰ কাম অব্যাহত আছে আৰু সেই স্থানত ক্ষতিগ্ৰস্ত ৰেলপথ উন্নীত কৰাৰ বাবে বোলদাৰ আনলোডিঙৰ কাম চলি আছে বুলি ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। একেদৰে আমগ...

November 27, 2025 7:59 PM

views 56

বাইহাটাত নির্মীয়মান টার্মিনেলটো শীঘ্রেই সম্পূর্ণ হৈ উঠিব বুলি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ প্ৰকাশ

ৰাষ্ট্ৰীয় গতি শক্তি প্ৰকল্পৰ অধীনত উত্তৰ পূব সীমান্ত ৰে'লৱেই অসমত নিৰ্মাণ কৰি থকা ছটা নতুন গতি শক্তি কার্গো টার্মিনেলৰ ভিতৰত বাইহাটাত নির্মীয়মান টার্মিনেলটো শীঘ্রেই সম্পূর্ণ হৈ উঠিব। উত্তৰ পূব সীমান্ত ৰে'লৱেই প্রেছ বিজ্ঞপ্তিযোগে প্রকাশ কৰে যে বাইহাটাত নির্মীয়মান এই প্রকল্পটোৰ বাবে ২৪৫ কোটি টকা ব্যয় কৰা হৈছে। এই টার্মিনেলটোৱে উত্তৰ পূৰ্বাঞ্চলত বয়বস্তু সৰবৰাহ ব্যৱস্থা শক্তিশালী আৰু দ্রুত কৰাৰ লগতে ব্যয় হ্রাস কৰাত সহায় কৰিব। টার্মিনেলটোৰ নিৰ্মাণ কাৰ্য প্রায় সম্পূৰ্ণ হৈছে আৰু সুৰক্ষাৰ বাবে প্রয়োজনীয়...

November 25, 2025 10:21 PM

views 58

ঘন কুঁৱলী আৰু প্ৰতিকূল বতৰৰ সময়ত ৰে’ল চলাচল সুৰক্ষিত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ঘন কুঁৱলী আৰু প্ৰতিকূল বতৰৰ সময়ত ৰে'ল চলাচল সুৰক্ষিত কৰাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। ৰে'লৱে বোৰ্ডৰ নিৰ্দেশনা অনুসৰি ৰেলৱেই ইয়াৰ ইঞ্জিনসমূহ কুঁৱলীৰ সময়ত দৃশ্যমানতা অটুট ৰাখিব পৰা ব্যৱস্থাৰে সজ্জ্বিত কৰিছে। ইয়াৰ ফলত কুঁৱলীয়ে দৃশ্যমানতা হ্ৰাস কৰাৰ সময়তো বিশেষ সংকেত আৰু প্ৰযুক্তিৰ সহায়ত ইঞ্জিন চালকসকলৰ সহায়ক হ'ব। তদুপৰি প্ৰতিকূল বতৰত সহায় হোৱাকৈ উত্তৰ পূব সীমান্ত ৰে'লৱেই পৰ্যাপ্ত পৰিমাণৰ ডিটনেটৰৰ যোগান মূল ৰে'লপথৰ স্থানসমূহ চিহ্নিত কৰণ, সংকেত উপস্থাপন ফলক আৰু লে...

September 23, 2025 11:19 AM

views 56

উৎসৱৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৰ ৪৬খন বিশেষ ৰে’লৰ ব্যৱস্থা

উৎসৱৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লে ৪৬ খন বিশেষ ৰে'লৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে । দুৰ্গা পূজা, দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত যাতে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰপ্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উৎসৱ বিশেষ ৰে'লসমূহ কাটিহাৰ, সোণপুৰ, দৌৰাম মাধেপুৰা, মণিহাৰী, আগৰতলা, ধৰ্মনগৰ, নিউ তিনিচুকীয়া, এছ এম ভি টি বেংগালুৰু, অমৃতসৰ, নিউ জলপাইগুৰি, গুমৰ্টিনগৰ, কিষাণগঞ্জ, নাহৰকটীয়া গঞ্জ, পাটনা, ডিব্ৰুগড়, গোৰখপুৰ, শিলচৰ, নাহৰলগুণ, কলকাতা আৰু গুৱাহাটীৰ দৰে গুৰুত্বপূৰ্ণ ...

July 19, 2025 12:24 PM

views 54

ডুমডুমা ৰে’লৱে ষ্টেচন মুকলি সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’ল প্ৰশাসনলৈ পত্ৰ ৰে’লৱে পৰিষদৰ

■ ৰে'লৱে পৰিষদে ডিব্ৰু-শদিয়া ৰে'লপথৰ ডুমডুমা ৰে'লৱে ষ্টেচন মুকলি সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে'ল প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য বাণিজ্যিক পৰিচালকলৈ প্ৰেৰণ কৰা এই পত্ৰখনত যাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আৰু টীকট কাউণ্টাৰ স্থাপন সন্দৰ্ভতো উত্তৰ বিচৰা হৈছে। ৰে'লৱে পৰিষদৰ যান-বাহন বাণিজ্যিক শাখাৰ যুটীয়া সঞ্চালক নিশিথ লুকাছ টিাই যোৱা উত্তৰ-পূব সীমান্ত ৰে'লৱেক অহা ২১ জুলাইৰ ভিতৰত এই পত্ৰৰ বিশদ প্রতিবেদন দাখিল কৰিবলৈ স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে অসমকে ধৰি উত্তৰ-পূৰ...

July 6, 2025 7:25 PM

views 45

লামডিং-বদৰপুৰ ৰে’ল লাইনত পুনৰ ৰে’ল চলাচল আৰম্ভ

প্রায় ৮ ঘণ্টা ধৰি ৰে'ল চলাচল ব্যাহত হৈ থকাৰ অন্তত লামডিং-বদৰপুৰ ৰে’ল লাইনত পুনৰ ৰে’ল চলাচল আৰম্ভ হয়। পুৱতি নিশা মাইবং-দাওতুহাজা আৰু মুপা-দিহাখুৰ মাজত ৰে'ল পথৰ দুটা স্থানত ভূমিস্খলন হোৱাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বহুকেইখন ৰে'লৰ সময়সূচী সলনি তথা কেইবাখনো ৰে’ল অঞ্চলটোত আবদ্ধ হৈ পৰিছিল। পুৱতি নিশা গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে গুৱাহাটী-ৰঙিয়া এক্সপ্ৰেছ ৰে’লখন হাতীখালী ষ্টেচনত আৱদ্ধ হৈ পৰিছিল। একেদৰে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে’লখন লামডিং ষ্টেচনত আৰু গুৱাহাটী-দুৰ্লভছৰা এক্সপ্ৰেছ ৰে’লখন লাংটিং ...

June 24, 2025 12:53 PM

views 72

জাতিংগা আৰু লামপুৰৰ মাজত প্ৰৱল ভূমিস্খলনৰ বাবে বহুকেইখন ৰে’লৰ যাত্ৰা বাতিল

■ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰে'লপথত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে'লসেৱা যোৱানিশাৰে পৰা বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই জনোৱা মতে ইয়াৰ ফলত ১৫৬১৫ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, ১৫৬১১ আৰু ১৫৬১২ ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৭ আৰু ১৫৬১৮ দুৰ্লভছৰা গুৱাহাটী এক্সপ্ৰেছ, নাহৰলগুন-শিলচৰ এক্সপ্ৰেছ, কাঞ্চনজংঘা এক্সপ্ৰেছ, তিৰুচিৰাপল্লী এক্সপ্ৰেছ, ৰে'লগাড়ীকেইখনৰ যাত্ৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে। আমাৰ হোজাইৰ সংবাদদাতাই জনোৱা মতে ...

June 22, 2025 7:34 PM

views 56

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ ১০০% ৰেলপথ বৈদ্যুতিকীকৰণ সম্পূৰ্ণৰ দিশে আগবাঢ়িছে

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনৰ ১০০ শতাংশ ৰেলপথ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনাইছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তা সন্দীপ কুমাৰে শেহতীয়াকৈ সমগ্ৰ অঞ্চলটোত নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা তিনিটা অংশত বিধিগত নিৰীক্ষণ সম্পূৰ্ণ কৰে। এই নিৰীক্ষণত বিদ্যুৎ ব্যৱহাৰৰ দ্বাৰা বাণিজ্যিক ৰে'ল সেৱাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু সুৰক্ষা নিশ্চিতিৰ দিশটো বিশেষভাৱে লক্ষ্য ৰখা হয়। মুখ্য অভিযন্তাগৰাকীয়ে...

May 9, 2025 11:34 AM

views 74

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্রবন্ধক চেতন শ্রীবাস্তৱৰ বিৰুদ্ধে ভাৰতীয় সংবিধান আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ

নিখিল ভাৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি ৰে'লৱে কৰ্মচাৰী সন্থাৰ এন এফ ৰে'লৱে মণ্ডল সমিতিয়ে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্রবন্ধক চেতন শ্রীবাস্তৱৰ বিৰুদ্ধে ভাৰতীয় সংবিধান আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ আনিছে। কালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত সমিতিৰ সাধাৰণ সম্পাদক তাৰিণীচৰণ দাসে কয়, যে বিগত দুটা বৰ্ষত বিষয়াগৰাকীয়ে প্ৰতিটো ক্ষেত্ৰতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি কৰ্মচাৰীসকলক বদলিকৰণ, পদোন্নতিকে ধৰি সকলো সাংবিধানিক অধিক...