উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত বান ক্ষতিগ্রস্ত ৰেলখণ্ডসমূহ যুদ্ধকালীন তৎপৰতাৰে পুনৰ উপযোগী কৰি তোলাৰ কাম অব্যাহত ৰাখিছে। এই ৰেলপথসমূহেৰে পুনৰ ৰে’ল চলাচল আৰম্ভ কৰাৰ বাবে ক্ষতিগ্রস্ত স্থানসমূহত বৃহৎ সংখ্যক কৰ্মী নিয়োগ আৰু অত্যাধুনিক যন্ত্রপাতি ব্যৱহাৰ কৰি দিনে নিশাই কাম চলাই থকা হৈছে।
শিমলুগুৰি লাকুৱা খণ্ডৰ ৰেলপথৰ গাথনি শক্তিশালীকৰণৰ কাম অব্যাহত আছে আৰু সেই স্থানত ক্ষতিগ্ৰস্ত ৰেলপথ উন্নীত কৰাৰ বাবে বোলদাৰ আনলোডিঙৰ কাম চলি আছে বুলি ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। একেদৰে আমগুৰি চেলেংহাট খণ্ডৰ ক্ষতিগ্ৰস্ত অংশসমূহত বালিৰ বেগ, বাহনৰ পাইলিং, আৰু ৰে’ল পাইলিং ব্যৱহাৰ কৰি ৰেলপথৰ ভেটি সুদৃঢ় কৰাৰ কাম দ্ৰুত গতিত চলি আছে।
ইয়াৰ সমান্তৰালভাৱে বালিৰ বেগ, ৰে’ল আৰু বোলদাৰৰ পৰিবহনৰ কামো অব্যাহত আছে। সামগ্ৰিকভাৱে ৰেলপথৰ মেৰামতিৰ কাম ত্বৰান্বিত কৰিবলৈ সমগ্র ক্ষতিগ্রস্ত অঞ্চলত ৭ শতাধিক শ্রমিক নিয়োগ কৰা হৈছে আৰু কম সময়ৰ ভিতৰতে পুনৰ উদ্ধাৰ কাৰ্য সম্পূৰ্ণ হ’ব বুলি ৰেল বিভাগে আশা প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে উজনি অসমত আকষ্মিক বান পৰিস্থিতিৰ ফলত ৰে’ল পথ ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত উজনি অসমলৈ চলাচল কৰা ৰে’ল সেৱা ব্যাহত হৈছে।
যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিমলুগুৰি – নামতিআলি আৰু শিমলুগুৰি – চেলেংহাট অংশৰে ৰে’লৰ চলাচল পৰৱৰ্তী জাননী নিদিয়া পর্যন্ত বন্ধ ৰখা হৈছে। একেদৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা চলাচল কৰিবলগীয়া কেইবাখনো দীর্ঘ দূৰত্বৰ ৰেল ৰঙিয়া-ৰঙাপাৰা ডিব্ৰুগড় পথেৰে চলাচল কৰোৱা হৈছে। কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে।