উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং-বদৰপুৰ পাহাৰীয়া ৰে’লপথত বদৰপুৰৰ সমীপত আজি পুৱা শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লগাড়ীখন লাইনচ্যুত হোৱাত কেইবাখনো ৰে’লৰ যাত্ৰা বাতিলৰ লগতে যাত্রাপথ সলনি কৰা হয়।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে আজি পুৱা প্ৰায় ৮ বাজি ৫০ মিনিটত বদৰপুৰ আৰু সুকৃতিপুৰৰ মাজত ১৫৬১৬ নম্বৰৰ যাত্ৰীবাহী ৰে’লগাড়ীখনৰ সন্মুখৰ ট্ৰলীখন লাইনচ্যুত হয়। এই ঘটনাত কোনো যাত্রী হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। লাইনচ্যুত হোৱাৰ পাছতে যাত্রীবাহী দবাকে ধৰি ৰে’লৰ পিছফালৰ অংশটো পুনৰ বদৰপুৰলৈ লৈ যোৱা হয়।
সম্প্ৰতি ৰে’লপথচোৱাৰে চলাচল স্বাভাৱিক কৰাৰ বাবে কাম চলি আছে। ইপিনে, এই দুৰ্ঘটনাৰ পাছতে কেইবাখনো ৰে’লৰ চলাচল নিয়ন্ত্ৰণ কৰা হৈছে। এই অনুসৰি গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে’লগাড়ীখন বিহাৰাত, শিয়ালদহ-শিলচৰ এক্সপ্ৰেছ নিউ হাফলঙত আৰু চাইৰাং-কলকাতা এক্সপ্ৰেছ বদৰপুৰত ৰখাই থোৱা হৈছে।
তদুপৰি আগৰতলা-লোকমান্য তিলক টার্মিনাছ এক্সপ্ৰেছ ৰে’লগাড়ীখন নিউ কৰিমগঞ্জত, আগৰতলা-শিয়ালদহ এক্সপ্ৰেছ ধৰ্মনগৰত আৰু কলকাতা-চাইৰাং এক্সপ্ৰেছ ৰে’ল লাংটিঙত ৰখাই থোৱা হৈছে। ইপিনে, শিলচৰ-গুৱাহাটী এক্সপ্ৰেছৰ আজিৰ যাত্ৰা বদৰপুৰতে সমাপ্ত কৰা হৈছে। বদৰপুৰৰ পৰা গুৱাহাটীলৈ ৰে’লখনৰ যাত্ৰা বাতিল কৰা হৈছে। তদুপৰি ১৫৬১৫ নম্বৰৰ গুৱাহাটী-শিলচৰ এক্সপ্রেছো আজিৰ বাবে বাতিল কৰা হৈছে।