October 29, 2026 9:27 PM

views 7

শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লগাড়ীখন লাইনচ্যুত হোৱাত কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং-বদৰপুৰ পাহাৰীয়া ৰে'লপথত বদৰপুৰৰ সমীপত আজি পুৱা শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'লগাড়ীখন লাইনচ্যুত হোৱাত কেইবাখনো ৰে'লৰ যাত্ৰা বাতিলৰ লগতে যাত্রাপথ সলনি কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে আজি পুৱা প্ৰায় ৮ বাজি ৫০ মিনিটত বদৰপুৰ আৰু সুকৃতিপুৰৰ মাজত ১৫৬১৬ নম্বৰৰ যাত্ৰীবাহী ৰে'লগাড়ীখনৰ সন্মুখৰ ট্ৰলীখন লাইনচ্যুত হয়। এই ঘটনাত কোনো যাত্রী হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। লাইনচ্যুত হোৱাৰ পাছতে যাত্রীবাহী দবাকে ধৰি ৰে'লৰ পিছফালৰ অংশটো পুন...