উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু শিমলুগুৰি ডিব্ৰুগড় খণ্ডৰ ৰেলৱে বৈদ্যুতিকৰণ প্ৰকল্পৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই কথা প্ৰকাশ কৰিছে। যোৱা ৩১ জানুৱাৰীত মৰিয়নি-শিমলুগুৰি-ডিব্ৰুগড় খণ্ডৰ বাবে বৈদ্যুতিক লোকোমটিভৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হয় বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তাই কালি আৰু আজি এই সমগ্ৰ খণ্ডটোত চলি থকা বৈদ্যুতিকৰণৰ কাম-কাজ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে এই ৰেল কৰিড’ৰৰ বৈদ্যুতিকৰণে পৰিচালন দক্ষতা বৃদ্ধি কৰাৰ লগতে ডিজেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি কাৰ্বনৰ নির্গমন হ্রাস কৰিব। এই বৈদ্যুতিকৰণ প্ৰকল্পৰ সফল ৰূপায়ণে উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে আন্তঃগাথনি উন্নীতকৰণত বিশেষ ভূমিকা পালন কৰিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | February 20, 2025 8:58 PM | Indian Railway | Indian Railway Dept. | NF Railway
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ