ৰীমাল পৰৱৰ্তী প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত হোৱা বানপানীয়ে ১৩ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত কৰিছে। কাছাৰ জিলাত ৪ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৰীমালে কৰা ক্ষয়-ক্ষতিৰ পৰিপ্ৰেক্ষিতত সাহায্য আঁচনিৰ ঘোষণা কৰিছে। ইপিনে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই নিউ হাফলং-চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ৫ জুনলৈকে কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইবাখনো ৰে’লৰ যাত্ৰা আংশিকভাৱে বাতিল কৰিছে।
Assamese | June 4, 2024 9:06 PM | Akashvani News | Assam | Indian Railway | NF Railway | North East | Radio News | Railway
নিউ হাফলং-চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ বাবে ৫ জুনলৈকে কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল