January 19, 2026 7:21 PM

views 56

অন্যতম ৰেডিঅ’ শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালে আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা কৰিব

ৰাজ্যখনৰ অন্যতম ৰেডিঅ' শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্ৰৈলোক্য বৰাক বিশেষ বঁটা প্ৰদান কৰা হ'ব । ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱৰাক অনুষ্ঠান প্রযোজনাৰ বঁটা আৰু যুৱ সাংবাদিক নিৰঞ্জন দাসক আন দুটা বঁটা প্ৰ...

January 8, 2025 8:30 PM

views 67

দিল্লীত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এন চি চিৰ গণৰাজ্য দিৱসৰ শিবিৰত বায়ু সেনাৰ মুৰব্বী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিঙৰ অংশগ্ৰহণ

নতুন দিল্লীত আজি অনুষ্ঠিত হোৱা এইবছৰৰ এন চি চিৰ গণৰাজ্য দিৱসৰ শিবিৰত বায়ু সেনাৰ মুৰব্বী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিঙে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্রীসিঙে কয়, যে দেশখনক একত্ৰিত কৰাৰ ক্ষেত্ৰত এন চি চিয়ে প্রশংসনীয় কাম কৰি আছে। তেওঁ এন চি চিক দেশ গঠনৰ দিশত প্ৰশিক্ষণপ্ৰাপ্ত যুৱ মনৰ কেন্দ্ৰ আখ্যা দি সুখ প্ৰকাশ কৰে। শ্রীসিঙে যুৱ প্ৰজন্মক এন চি চিত অংশগ্ৰহণ কৰি দেশৰ উন্নয়নক আগবঢ়াই নিয়াৰ বাবে উৎসাহ যোগায়। এন চি চিয়ে নিস্বাৰ্থ সেৱা, দেশপ্রেম, নেতৃত্ব, অনুশাসন আদিৰ দক্ষতা প্ৰদানত সহায় কৰে ...

January 3, 2025 8:05 PM

views 58

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই বি টি আৰৰ জনসাধাৰণৰ দীৰ্ঘ দিনীয়া সপোন পূৰণ কৰিলে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ১৯৯৯ চনৰ ১৫ আগষ্টৰ পৰা জনসাধাৰণৰ সুবিধার্থে সেৱা আগবঢ়াই অহা এই কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰে ৭০ কিলোমিটাৰ ব্যাসার্ধ সামৰি ল'ব। ইয়াৰ ফলত কোকৰাঝাৰ আৰু ইয়াৰ ক...

July 18, 2024 7:53 PM

views 87

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।

June 18, 2024 4:59 PM

views 74

৩০ জুনত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হব অনুষ্ঠানটিৰ ১১১ সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্রধানমন্ত্রী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হবলগীয়া প্ৰথম খণ্ড। প্রধানমন্ত্ৰষ্ঠীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগ...

June 4, 2024 9:06 PM

views 87

নিউ হাফলং-চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ বাবে ৫ জুনলৈকে কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

ৰীমাল পৰৱৰ্তী প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত হোৱা বানপানীয়ে ১৩ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত কৰিছে। কাছাৰ জিলাত ৪ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায...

June 1, 2024 1:36 PM

views 48

উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আজিৰ পৰা পুনৰ দর্পন পোৰ্টেল মুকলি

উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজিৰ পৰা পুনৰ দর্পন পোৰ্টেল মুকলি কৰিছে। অহা ৯ জুনলৈ পোৰ্টেলটো মুকলি থাকিব আৰু শিক্ষাৰ্থীসকলে যাৱতীয় তথ্যৰ বাবে www.ahsec.assam.gov.in বা darpan.ahseconline.in ৱেৱছাইট চাব পাৰিব। লগতে শিক্ষা সংসদে সকলো শিক্ষানুষ্ঠানক ১২ জুনৰ ভিতৰত নামভৰ্তি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে।

May 31, 2024 8:40 PM

views 77

৪ জুনত হ’বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫,৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছেঃ অনুৰাগ গোৱেল

File Photo Akashvani GHY ৰাজ্যৰ ৫০ খন নিৰ্বাচনী জিলাত স্থাপিত ৫২ টা ভোটগণনা কেন্দ্ৰত অহা ৪ জুনত হ’বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱা ৮ বজাত আৰম্ভ হ'বলগীয়া ভোট গণনাৰ বাবে মুঠ ৫ হাজাৰ ৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ৬৪ গৰাকী সাধা...

May 25, 2024 7:56 PM

views 80

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক মাধৱদেৱ বঁটা প্ৰদান

ধুবুৰীৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ জীতেন্দ্ৰ নাথ প্ৰধানীক এইবাৰৰ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ সৈতে সংগতি ৰাখি ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰত যোৱা নিশা আয়োজিত এখন ধর্মালোচনা সভাত সত্ৰাধিকাৰগৰাকীক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, সুন্দৰীদিয়া সত্ৰই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। ৰাজ্যৰ আন ভিন ভিন স্থানৰ লগতে বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱৰ আজি সামৰণি পৰে ...