নতুন দিল্লীত আজি অনুষ্ঠিত হোৱা এইবছৰৰ এন চি চিৰ গণৰাজ্য দিৱসৰ শিবিৰত বায়ু সেনাৰ মুৰব্বী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিঙে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্রীসিঙে কয়, যে দেশখনক একত্ৰিত কৰাৰ ক্ষেত্ৰত এন চি চিয়ে প্রশংসনীয় কাম কৰি আছে। তেওঁ এন চি চিক দেশ গঠনৰ দিশত প্ৰশিক্ষণপ্ৰাপ্ত যুৱ মনৰ কেন্দ্ৰ আখ্যা দি সুখ প্ৰকাশ কৰে। শ্রীসিঙে যুৱ প্ৰজন্মক এন চি চিত অংশগ্ৰহণ কৰি দেশৰ উন্নয়নক আগবঢ়াই নিয়াৰ বাবে উৎসাহ যোগায়। এন চি চিয়ে নিস্বাৰ্থ সেৱা, দেশপ্রেম, নেতৃত্ব, অনুশাসন আদিৰ দক্ষতা প্ৰদানত সহায় কৰে বুলি উল্লেখ কৰি শ্রীসিঙে লগতে কয়, যে ভাৰতীয় বায়ু সেনাই প্ৰশিক্ষণ আৰু বিভিন্ন অনুষ্ঠানৰ জৰিয়তে এন চি চিক সকলো ধৰণৰ সহায় আগবঢ়াব।
Assamese | January 8, 2025 8:30 PM | Akashvani News | Radio News | Republic Day 2025
দিল্লীত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এন চি চিৰ গণৰাজ্য দিৱসৰ শিবিৰত বায়ু সেনাৰ মুৰব্বী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিঙৰ অংশগ্ৰহণ