January 24, 2025 8:09 PM

views 58

গণৰাজ্য দিৱসৰ কুছকাৱাজত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব

নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুছকাৱাজত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব। অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে আগবঢ়োৱা আর্থিক সাহায্যত কাইলৈ এই ছাত্ৰ-ছাত্ৰীকেইগৰাকী দিল্লীলৈ ৰাওনা হ'ব। বিভাগীয় মন্ত্রী সান্তনা চাকমাই এই কথা প্ৰকাশ কৰি কয়, যে এইবাৰ সমগ্ৰ দেশৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ মুঠ ৪১৫ গৰাকী ছাত্ৰ-ছাত্ৰী এই কুছকাৱাজত অংশগ্ৰহণ কৰাৰ বাবে বাচনি কৰা হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে, এই বাচনি মেধা আৰু সম্ভাৱনাৰ ভিত্তিত কৰা...

January 24, 2025 7:53 PM

views 58

গণৰাজ্য দিৱসৰ কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব

৭৬ সংখ্যক গণৰাজ্য দিৱসত নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া কুছকাৱাজ, প্রতীকপট শোভাযাত্ৰা আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। পুৱা ৯.৪০ মিনিটৰ পৰা প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কযোগে প্ৰচাৰিত হোৱাৰ লগতে প্ৰচাৰ ভাৰতীৰ অ', টি.টি. প্লেটফৰ্ম ৱেভযোগেও প্ৰচাৰিত হ'ব। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে প্ৰকাশ কৰা অনুসৰি দূৰদৰ্শনে এই অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰৰ বাবে পোনপ্ৰথমবাৰৰ বাবে 4K কেমেৰা আৰু আন আনুসংগিক...

January 24, 2025 7:30 PM

views 44

ৰাষ্ট্ৰপতি মুৰ্মুৱে গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া কাইলৈ সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰক সম্বোধি ভাষণ দিব

গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰক সম্বোধি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দীত দিয়া এই ভাষণৰ পাছতে ইয়াৰ ইংৰাজী ভাষান্তৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ আটাইবোৰ কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ এই ভাষণ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা ৯.৩০ বজাত প্ৰচাৰ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভাষণৰ পৰিপ্ৰেক্ষিতত কাইলৈ সন্ধিয়া সাত বাজি ১০ মিনিটত প্ৰচাৰিত হ'বলগীয়া অসমীয়া বাতৰি নিশা ৭.৫০ মিনিটত প্ৰচাৰ কৰা হ'ব। ৭৬ সংখ্যক গণৰাজ্য দি...

January 24, 2025 6:48 PM

views 44

গণৰাজ্য দিৱসৰ প্ৰস্তুতিঃ কুচকাৱাজৰ সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি

গণৰাজ্য দিৱসৰ প্ৰস্তুতি হিচাপে অসম আৰক্ষীয়ে গুৱাহাটীৰ লতাশিল আৰু পানবজাৰ অঞ্চলৰ বিভিন্ন পথেৰে কাইলৈ বিয়লি প্ৰাক্‌-গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজৰ আয়োজন কৰিছে। কুচকাৱাজৰ এই সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি ঘটোৱা হৈছে। সেই অনুসৰি লতাশিল খেলপথাৰৰ পৰা কুচকাৱাজ আৰম্ভ হোৱাৰ পাছত এম জি পথেৰে ভৰলুমুখৰ পৰা অহা সকলো বাহনে তাৰকাগৃহ পইণ্ট অভিমুখে যাব লাগিব। কুচকাৱাজে তৈয়বুল্লা পথ অতিক্ৰম কৰাৰ পাছত এই বাধা নাথাকিব। কুচকাৱাজ জিলা পুঁথিভঁৰাল অভিমুলখে অগ্ৰসৰ হোৱাৰ পাছত এ টি ৰোডৰ পৰা জি এন বি ৰো...

January 24, 2025 6:41 PM

views 68

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰস্তুতি প্রায় সম্পূৰ্ণ

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। গণৰাজ্য দিৱসৰ পেৰেডৰ বাবেও ইতিমধ্যে অনুশীলন সম্পূর্ণ হৈছে। পূৰ্ব নিৰ্ধাৰিত ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপনৰ বাবে সমগ্ৰ চহৰখনেই সুন্দৰভাৱে সজাই-পৰাই তোলা হৈছে। ই...

January 24, 2025 4:26 PM

views 43

‘স্বর্ণিম ভাৰতঃ ঐতিহ্য আৰু উন্নয়ন’ বিষয়বস্তুৰ ভিত্তিত সাজি উলিওৱা বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰ্যালয় তথা বিভাগৰ ৩১ টা প্রতীকপট অন্তৰ্ভুক্ত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এইবাৰৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ সদস্য, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক, প্রতীকপটৰ শিল্পী আৰু জনজাতীয় সম্প্ৰদায়ৰ অতিথিসকলক সাক্ষাৎ কৰিব। এইবছৰ গণৰাজ্য দিৱসৰ সমাৰোহত সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক শক্তি প্ৰদৰ্শন কৰা হ'ব। সমাৰোহত সংবিধানৰ ৭৫ সংখ্যক বাৰ্ষিকী আৰু জনসাধাৰণৰ অংশগ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। এই সমাৰোহত ‘স্বর্ণিম ভাৰতঃ ঐতিহ্য আৰু উন্নয়ন’ বিষয়বস্তুৰ ভিত্তিত সাজি উলিওৱা বিভিন্ন ৰাজ্য, কেন্দ...

January 14, 2025 8:08 PM

views 75

গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি অব্যাহত

বিভিন্ন ভোগালী বিহুৰ সমান্তৰালভাৱে সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি অব্যাহত আছে। তিনিচুকীয়া জিলা প্ৰশাসনে এইবেলি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আৰু শ্ল'গান লিখা প্রতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰিছে। এই প্রতিযোগিতা প্রথমে বিদ্যালয় পৰ্যায়ত, ইয়াৰ পাছত খণ্ড পৰ্যায়ত আৰু শেষত জিলা ভিত্তিত অনুষ্ঠিত হ'ব। প্রতিযোগিতাৰ বিজয়ীসকলক গণৰাজ্য দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। তিনিচুকীয়াৰ বৰগুৰি আই টি আই খেলপথাৰত ...

January 8, 2025 8:30 PM

views 56

দিল্লীত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এন চি চিৰ গণৰাজ্য দিৱসৰ শিবিৰত বায়ু সেনাৰ মুৰব্বী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিঙৰ অংশগ্ৰহণ

নতুন দিল্লীত আজি অনুষ্ঠিত হোৱা এইবছৰৰ এন চি চিৰ গণৰাজ্য দিৱসৰ শিবিৰত বায়ু সেনাৰ মুৰব্বী এয়াৰ ছীফ মাৰ্ছেল অমৰপ্ৰীত সিঙে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্রীসিঙে কয়, যে দেশখনক একত্ৰিত কৰাৰ ক্ষেত্ৰত এন চি চিয়ে প্রশংসনীয় কাম কৰি আছে। তেওঁ এন চি চিক দেশ গঠনৰ দিশত প্ৰশিক্ষণপ্ৰাপ্ত যুৱ মনৰ কেন্দ্ৰ আখ্যা দি সুখ প্ৰকাশ কৰে। শ্রীসিঙে যুৱ প্ৰজন্মক এন চি চিত অংশগ্ৰহণ কৰি দেশৰ উন্নয়নক আগবঢ়াই নিয়াৰ বাবে উৎসাহ যোগায়। এন চি চিয়ে নিস্বাৰ্থ সেৱা, দেশপ্রেম, নেতৃত্ব, অনুশাসন আদিৰ দক্ষতা প্ৰদানত সহায় কৰে ...

January 2, 2025 9:32 AM

views 62

আজিৰে পৰা গণৰাজ্য দিৱসৰ কুচকাৱাজ আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ বিক্ৰী আৰম্ভ

আসন্ন গণৰাজ্য দিৱসৰ কুচকাৱাজ আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ বিক্ৰী আজি আৰম্ভ হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে সেনা ভৱন, শাস্ত্রী ভৱন, যন্তৰ মন্তৰ, প্ৰগতি ময়দান আৰু ৰাজীৱ চ'ক মেট্রো ষ্টেশ্যনৰ ফটোযুক্ত মূল পৰিচয়পত্ৰ দেখুৱাই এই টিকট ক্রয় কৰিব পৰা যাব। জনসাধাৰণে aamantran.mod.gov.in ৱেবছাইট আৰু আমন্ত্ৰণ মোবাইল এপৰ পৰাও টিকট ক্রয় কৰিব পাৰিব । ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ বাবে টিকটৰ মূল্য ২০ৰ পৰা ১০০ টকা আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ মূল্য ২০ টকা ধাৰ্য কৰা হৈছে।

December 24, 2024 3:53 PM

views 56

এইবাৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ পৰা প্রতীকপট নাথাকিব

নতুন দিল্লীৰ কৰ্তব্য পথত হ’বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত এইবাৰ অসমৰ পৰা প্রতীকপট নাথাকিব। অৱশ্যে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত প্রদর্শনীত বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃত অসমৰ চৰাইদেউ মৈদামে স্থান লাভ কৰিব। ইয়াৰ বাবে প্ৰাৰম্ভিক প্রস্তুতি অব্যাহত আছে বুলি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰকাশ কৰিছে। আৱৰ্তমান প্রক্রিয়া বা ৰ'টেশ্যনৰ ভিত্তিত পৰৱৰ্তী ২০২৬ বৰ্ষৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্ৰতীকপট অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি সাংস্কৃতিক বিভাগৰ সূত্ৰই প্ৰকাশ কৰে।