আসন্ন গণৰাজ্য দিৱসৰ কুচকাৱাজ আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ বিক্ৰী আজি আৰম্ভ হ’ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে সেনা ভৱন, শাস্ত্রী ভৱন, যন্তৰ মন্তৰ, প্ৰগতি ময়দান আৰু ৰাজীৱ চ’ক মেট্রো ষ্টেশ্যনৰ ফটোযুক্ত মূল পৰিচয়পত্ৰ দেখুৱাই এই টিকট ক্রয় কৰিব পৰা যাব। জনসাধাৰণে aamantran.mod.gov.in ৱেবছাইট আৰু আমন্ত্ৰণ মোবাইল এপৰ পৰাও টিকট ক্রয় কৰিব পাৰিব । ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ বাবে টিকটৰ মূল্য ২০ৰ পৰা ১০০ টকা আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ মূল্য ২০ টকা ধাৰ্য কৰা হৈছে।
Assamese | January 2, 2025 9:32 AM | India Govt. | Republic Day 2025
আজিৰে পৰা গণৰাজ্য দিৱসৰ কুচকাৱাজ আৰু বিটিং ৰিটিত সমাৰোহৰ টিকটৰ বিক্ৰী আৰম্ভ