December 29, 2025 7:55 PM

views 43

গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা ১৫৬০৯ আৰু ১৫৬১০ নম্বৰৰ এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ সংশোধিত সূচী প্রত্যাহাৰ

ৰেল মন্ত্রালয়ে অহা ১ জানুৱাৰীৰ পৰা গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা ১৫৬০৯ আৰু ১৫৬১০ নম্বৰৰ এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ সংশোধিত সূচী প্রত্যাহাৰ কৰিছে। এই ৰেলগাড়ীখন এতিয়াৰ দৰেই সন্ধিয়া গুৱাহাটী এৰিব আৰু বিপৰীত দিশৰ পৰাও প্ৰতি সন্ধিয়া চাইৰাং এৰিব বুলি ৰে'লৱে বোৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। উল্লেখযোগ্য যে অসম ৰে'ল যাত্রী সংস্থা আৰু বৰাক উপত্যকাৰ ভালেকেইটা সংগঠনৰ লগতে মিজোৰামৰ ভালেসংখ্যক ব্যক্তিয়ে এই জনপ্রিয় ৰেলগাড়ীখন দিনৰ ভাগত চলাবলৈ লোৱাৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাইছিল।

October 28, 2025 8:19 PM

views 61

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ১২, ০১১ খন ৰে’লৰ চলাচল

ভাৰতীয় ৰে'লৱে উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ১২ হাজাৰ ১১ খন ৰে'লৰ চলাচল কৰাইছে। ইয়াৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে'লবে ৪৮ খন বিশেষ ৰে'লৰ চলাচল কৰাইছে। এই ৰেলগাড়ী কেইখনে ডিচেম্বৰলৈকে ৬২০ টা যাত্রা সম্পন্ন কৰিব। উত্তৰ-পূব সীমান্ত ৰে'লৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিছে যে, কাইলৈৰ পৰা আৰু সাতটা যাত্রাপথত ৰে'লৰ চলাচল কৰোৱা হ'ব। ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ পৰা গৌৰখপুৰলৈকে সাপ্তাহিক এখন বিশেষ ৰে'ল চলোৱা হ'ব। এই ৰে'লখনে ডিব্ৰুগড়ৰ পৰা পুৱা ৯ বাজি ১০ মিনিট...

October 13, 2025 8:54 PM

views 82

বৰপেটা ৰোড ৰে’ল ষ্টেচনত বন বিভাগৰ দলৰ অভিযানত উজনিমুৱা বাংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ

বন বিভাগৰ দলে আজি বৰপেটা ৰোড ৰে'ল ষ্টেচনত অভিযান চলাই দুপৰীয়া উজনিমুৱা বাংগালুৰু- গুৱাহাটী এক্সপ্ৰেছ ৰে'লৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ কৰে। আঠখন মোনাত ভৰাই অনা এই সামগ্ৰীসমূহৰ ওজন প্রায় ২০০ কিলোগ্রাম বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ চেন্নাইৰ তিনিজন লোকক আটক কৰা হৈছে। জব্দ কৰা বনৰৌৰ ছাল আৰু অংগসমূহৰ মূল্য কেইবা কোটি টকা হ'ব বুলি বন বিভাগে প্রকাশ কৰিছে। সম্প্ৰতি লোক কেইজনক সোধাপোছা কৰি থকা হৈছে।

June 24, 2025 12:53 PM

views 75

জাতিংগা আৰু লামপুৰৰ মাজত প্ৰৱল ভূমিস্খলনৰ বাবে বহুকেইখন ৰে’লৰ যাত্ৰা বাতিল

■ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰে'লপথত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে'লসেৱা যোৱানিশাৰে পৰা বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই জনোৱা মতে ইয়াৰ ফলত ১৫৬১৫ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, ১৫৬১১ আৰু ১৫৬১২ ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৭ আৰু ১৫৬১৮ দুৰ্লভছৰা গুৱাহাটী এক্সপ্ৰেছ, নাহৰলগুন-শিলচৰ এক্সপ্ৰেছ, কাঞ্চনজংঘা এক্সপ্ৰেছ, তিৰুচিৰাপল্লী এক্সপ্ৰেছ, ৰে'লগাড়ীকেইখনৰ যাত্ৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে। আমাৰ হোজাইৰ সংবাদদাতাই জনোৱা মতে ...

April 26, 2025 7:19 PM

views 74

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন

উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি গুৱাহাটীৰ ৰে'ল ষ্টেচনত ১৩৪টা এ আই চালিত কেমেৰা প্ৰতিটো প্লেটফৰ্ম, জিৰণিকক্ষৰ লগতে ষ্টেচনটোৰ গুৰুত্বপূৰ্ণ স্থানত সংস্থাপন কৰা হৈছে। একেদৰে গুৱাহাটী ৰেল ষ্টেচনটোৰ ২০টা স্থানত পেনিক বুটাম লগোৱা হৈছে। এক কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে এই ব্যৱস্থা কৰা হৈছে বুলি জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগত...

April 23, 2025 8:46 PM

views 82

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱে আজি নিশা কাটৰাৰ পৰা নতুন দিল্লীলৈ বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে'লৱে আজি নিশা কাটৰাৰ পৰা নতুন দিল্লীলৈ বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কাশ্মীৰত আৱদ্ধ হৈ থকা পৰ্যটক যাত্ৰীসকলক কঢ়িয়াই অনাৰ বাবে শ্রীমাতা বৈষ্ণোদেৱী কাটাৰ ষ্টেছনৰ পৰা নিশা ৯ বাজি ২০ মিনিটত এই ৰেলখনে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিব। ৰে'লৱেই যাত্ৰীসকলৰ সুবিধার্থে কেবাটাও হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। ইয়াৰে জম্মু টাৱি ষ্টেছনৰ যাত্ৰীসকলৰ বাবে ০১৯১-২৭৪৭০১১৬ শ্রীমাতা বৈষ্ণোদেৱী কাটৰা ষ্টেছনৰ যা...

April 1, 2025 12:46 PM

views 62

গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’ল চলাচলৰ সিদ্ধান্ত

■ উত্তৰ-পূব সীমান্ত ৰে'লৱে গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে ৪ টা যাত্ৰাৰ বাবে বিশেষ ৰে’ল চলাচলৰ সিদ্ধান্ত লৈছে। ৰে’লসমূহ অহা ১০ এপ্ৰিলৰ পৰা ৪ মে’লৈকে ছত্রপতি শিৱাজী মহাৰাজ টার্মিনাছ আৰু নাৰেংগী ষ্টেছনৰ মাজত আৰু ৬ ৰ পৰা ২৯ এপ্ৰিললৈ কোলহাপুৰ আৰু কাটিহাৰৰ মাজত প্ৰতিটো দিশত ৪ টা যাত্ৰাৰ বাবে চলাচল কৰোৱা হ'ব। ০১০৬৫ নম্বৰৰ বিশেষ ৰে'লখন ১০ এপ্ৰিলৰ দিনৰ ১১ বাজি ৫ মিনিটত ছত্রপতি শিৱাজী টার্মিনাছৰ পৰা যাত্ৰা কৰি ১২ এপ্ৰিলৰ দিনৰ ১১ বজাত নাৰেঙ্গীত উপস্থিত হ'ব। একেদৰে ০১০৬৬ নম্বৰৰ ৰে’লখন ১৩ ...

January 4, 2025 1:47 AM

views 65

কুম্ভমেলাৰ দৰ্শনাৰ্থীসকলৰ টিকট বুকিঙৰ সুবিধাৰ বাবে প্রযুক্তিগত নতুন উপায় প্ৰৱৰ্তন ভাৰতীয় ৰেল’ৱে

ভাৰতীয় ৰেল'ৱেই মহা কুম্ভমেলাৰ দৰ্শনাৰ্থীসকলৰ টিকট বুকিঙৰ সুবিধাৰ বাবে প্রযুক্তিগত এটা নতুন উপায় প্ৰৱৰ্তন কৰিছে। ইয়াৰ অংশ হিচাপে ৰেল'ৱেৰ কৰ্মচাৰীসকলে কিউ আৰ ক'ড থকা সেউজীয়া জেকেট পৰিধান কৰিব। এই ক'ড স্কেন কৰি তেওঁলোকে ডিজিটেল মাধ্যমত টিকট বুক কৰি সময় ৰাহি কৰিব পাৰিব। এই উপায়েৰে মহাকুম্ভৰ সময়ছোৱাত প্ৰয়াগৰাজ দৰ্শন কৰিব বিচৰা লাখ লাখ দর্শনাৰ্থীৰ টিকট বুকিং প্রক্রিয়া সহজ কৰি তুলিবলৈ ভাৰতীয় ৰেলৱেই এই বিশেষ পদক্ষেপ গ্রহণ কৰিছে। কিউ আৰ ক'ড যুক্ত সেউজীয়া জেকেট পৰিধান কৰা ৰে'লৱেৰ কৰ্মচাৰীসকল ৰে...

December 13, 2024 7:30 PM

views 52

ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদৰ বাবে ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন উত্তৰ পূৱ সীমান্ত ৰে’লৱে

উত্তৰ পূৱ সীমান্ত ৰে’লৱে ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদ কৰি তোলাৰ বাবে সংমণ্ডলটোৰ ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয়, যে এই সংমণ্ডলৰ অন্তৰ্গত কেইবাটাও খণ্ডত চিগনেলিং প্রণালী উন্নীত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০২৪ চনৰ নৱেম্বৰ মাহৰ সময়ছোৱাত কাতিহাৰৰ ৪ খন লেভেল ক্ৰছিং গেট, আলিপুৰ দুৱাৰৰ এখন আৰু লামডিং মণ্ডলৰ দুখন লেভেল ক্ৰছিং গেটৰ শাইদিং বুম স্থাপন কৰা হৈছে ব...

November 7, 2024 8:29 PM

views 96

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱ পালনৰ পাছত নিজ নিজ ঘৰলৈ যাব বিছৰা যাত্ৰীসকল ইয়াৰ পৰা লাভান্বিত হ’ব। ৰে'লৱেই পৰৱৰ্তী তিনি দিনত প্ৰায় ৪৭৬ খন ৰে’লগাড়ী চলোৱাৰ পৰিকল্পনা কৰিছে।