ৰেল মন্ত্রালয়ে অহা ১ জানুৱাৰীৰ পৰা গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা ১৫৬০৯ আৰু ১৫৬১০ নম্বৰৰ এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ সংশোধিত সূচী প্রত্যাহাৰ কৰিছে। এই ৰেলগাড়ীখন এতিয়াৰ দৰেই সন্ধিয়া গুৱাহাটী এৰিব আৰু বিপৰীত দিশৰ পৰাও প্ৰতি সন্ধিয়া চাইৰাং এৰিব বুলি ৰে’লৱে বোৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। উল্লেখযোগ্য যে অসম ৰে’ল যাত্রী সংস্থা আৰু বৰাক উপত্যকাৰ ভালেকেইটা সংগঠনৰ লগতে মিজোৰামৰ ভালেসংখ্যক ব্যক্তিয়ে এই জনপ্রিয় ৰেলগাড়ীখন দিনৰ ভাগত চলাবলৈ লোৱাৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাইছিল।
Assamese | December 29, 2025 7:55 PM | Railway
গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা ১৫৬০৯ আৰু ১৫৬১০ নম্বৰৰ এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ সংশোধিত সূচী প্রত্যাহাৰ