ভাৰতীয় ৰে’লৱে উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ১২ হাজাৰ ১১ খন ৰে’লৰ চলাচল কৰাইছে। ইয়াৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লবে ৪৮ খন বিশেষ ৰে’লৰ চলাচল কৰাইছে। এই ৰেলগাড়ী কেইখনে ডিচেম্বৰলৈকে ৬২০ টা যাত্রা সম্পন্ন কৰিব। উত্তৰ-পূব সীমান্ত ৰে’লৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিছে যে, কাইলৈৰ পৰা আৰু সাতটা যাত্রাপথত ৰে’লৰ চলাচল কৰোৱা হ’ব। ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ পৰা গৌৰখপুৰলৈকে সাপ্তাহিক এখন বিশেষ ৰে’ল চলোৱা হ’ব। এই ৰে’লখনে ডিব্ৰুগড়ৰ পৰা পুৱা ৯ বাজি ১০ মিনিটত যাত্ৰা আৰম্ভ কৰিব।
Assamese | October 28, 2025 8:19 PM | Railway
উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ১২, ০১১ খন ৰে’লৰ চলাচল