বন বিভাগৰ দলে আজি বৰপেটা ৰোড ৰে’ল ষ্টেচনত অভিযান চলাই দুপৰীয়া উজনিমুৱা বাংগালুৰু- গুৱাহাটী এক্সপ্ৰেছ ৰে’লৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ কৰে। আঠখন মোনাত ভৰাই অনা এই সামগ্ৰীসমূহৰ ওজন প্রায় ২০০ কিলোগ্রাম বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ চেন্নাইৰ তিনিজন লোকক আটক কৰা হৈছে। জব্দ কৰা বনৰৌৰ ছাল আৰু অংগসমূহৰ মূল্য কেইবা কোটি টকা হ’ব বুলি বন বিভাগে প্রকাশ কৰিছে। সম্প্ৰতি লোক কেইজনক সোধাপোছা কৰি থকা হৈছে।
Assamese | October 13, 2025 8:54 PM | Akashvani | Akashvani Guwahati | Indian Railway | Railway
বৰপেটা ৰোড ৰে’ল ষ্টেচনত বন বিভাগৰ দলৰ অভিযানত উজনিমুৱা বাংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ বৃহৎ পৰিমাণৰ ছাল আৰু অংগ জব্দ