পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ সমীপৰ নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত কালি সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ হৈছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱে প্ৰকাশ কৰা মতে, অবধ আসাম এক্সপ্ৰেছ ৰেলগাড়ীখনৰ নামনিমুৱা সেৱা আজি পুৱা ৭.৩০ বজাত পুনৰ আৰম্ভ কৰা হৈছে। ৰেলপথছোৱাৰে কালিয়েই উজনিমুৱা সেৱা বাহাল কৰা হৈছিল। এই ৰেল দুৰ্ঘটনাত ৯ জন লোকে প্রাণ হেৰুৱাইছিল।
Assamese | June 18, 2024 8:09 PM | Indian Railway | NF Railway | Rail Accident
নিউ জলপাইগুৰি ষ্টেছনৰ ওচৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ পাছত ৰে’লপথছোৱাৰে আজি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ