উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সুৰক্ষা বাহিনীয়ে চলিত বছৰৰ ১ জানুৱাৰীৰ পৰা যোৱা ১৫ আগষ্টপর্যন্ত ৰে’লৱে’ৰ অধীনৰ বিভিন্ন তালাচী চলাই ২২৫জন অবৈধ প্ৰব্ৰজনকাৰী আৰু ১৬জন ভাৰতীয় এজেণ্টক আটক কৰে। ৰে’লৱে’ আৰক্ষীয়ে ষ্টেচনৰ লগতে ৰে’লত যাতায়াত কৰা অবৈধ প্ৰব্ৰজনকাৰী, ৰোহিংগিয়া আৰু অন্য সন্দেহযুক্ত লোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। এনে লোক চিনাক্ত হোৱা মাত্ৰেই আৰক্ষীয়ে ততালিকে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।
Assamese | August 21, 2024 8:38 PM | NF Railway
চলিত বছৰৰ ১ জানুৱাৰীৰ পৰা ১৫ আগষ্টলৈকে ২২৫জন অবৈধ প্ৰব্ৰজনকাৰী আৰু ১৬জন ভাৰতীয় এজেণ্টক আটক ৰে’লৱেৰ সুৰক্ষা বাহিনীৰ