উত্তৰ-পূব সীমান্ত ৰে’লৱেই টিকটবিহীনভাৱে যাত্ৰা কৰা যাত্ৰীসকলক চিনাক্ত কৰি প্ৰকৃত যাত্ৰীসকলৰ যাত্ৰা সূচল কৰি তুলিবলৈ চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কালিপর্যন্ত অভিযান চলাই ১০ কোটি ৬৫ লাখৰো অধিক টকা সংগ্ৰহ কৰিছে। আনহাতে যোৱা বছৰৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চপর্যন্ত চলোৱা অভিযানত টিকটবিহীনভাৱে ভ্ৰমণ কৰা যাত্ৰীৰ পৰা ৬৬ কোটি ২৭ লাখৰো অধিক টকা সংগ্ৰহ কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৰ লগতে ৰে’ল যাত্ৰাৰ সময়ত অসুবিধাৰ সন্মুখীন নহ’বলৈ সকলো যাত্রীকে বৈধ পৰিচয় পত্র লগত নিবলৈ আহ্বান জনাইছে। যাত্ৰীসকলে অসংৰক্ষিত টিকেটিং ছিষ্টেম মোবাইল এপ্লিকেশ্বনৰ জৰিয়তে অসংৰক্ষিত টিকট ক্রয় কৰিব পাৰিব।
Assamese | May 20, 2024 8:46 PM | NF Railway
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ টিকটবিহীন যাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’পৰ্যন্ত ১০ কোটি ৬৫ লাখৰো অধিক টকা সংগ্ৰহ