উত্তৰ-পূব সীমান্ত ৰে’লৱে ইয়াৰ সংমণ্ডলৰ ভিতৰত থকা এলেকাসমূহত যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে শীঘ্ৰে কেতবোৰ ষ্টেচনৰ ৫৬ খন নতুন ফুট অ’ভাৰব্রীজ নির্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে যাত্ৰীসকলে যাতে সুৰক্ষিতভাৱে এটা প্লেটফৰ্মৰ পৰা আনটো প্লেটফৰ্মলৈ অহা-যোৱা কৰিব পাৰে তাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিগত বৰ্ষত ১০খন ফুটব্রীজ নির্মাণ কৰে। বৰ্তমান কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়াকে ধৰি মুঠ পাঁচটা সংমণ্ডলৰ ২৭৯ খন কার্যক্ষম ফুট অভাৰব্রীজ আছে।
Assamese | May 27, 2024 12:12 PM | NF Railway
যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৫৬ খন নতুন ফুট অ’ভাৰব্রীজ নির্মাণ কৰাৰ ব্যৱস্থা