November 24, 2024 6:03 PM

views 58

বয়োজ্যেষ্ঠ লোকসকলক মোবাইল ফোনৰ জৰিয়তে ধন পৰিশোধৰ বিষয়ে শিকাবলৈ যুব প্ৰজন্মৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে, ভূপালৰ মহেশে তেওঁৰ অঞ্চলৰ বহুতো বয়োজ্যেষ্ঠ লোকক মোবাইল ফোনৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ শিকাইছে। সেই বয়োজ্যেষ্ঠ লোকসকলৰ স্মাৰ্ট ফোন আছে কিন্তু সেই ফোনৰ ব্যৱহাৰৰ বিষয়ে তেওঁলোকক ক'বলৈ কোনো নাছিল। শ্রীমোদীয়ে আৰু কয়, আহমেদাবাদৰ ৰাজীৱ নামৰ যুৱকজনে বহুতো বয়োজ্যেষ্ঠ লোকক ডিজিটেল মাধ্যমৰ জৰিয়তে হ'ব পৰা বিপদৰ পৰা ৰক্ষা কৰে। বয়োজ্যেষ্ঠ লোকসকল চাইবাৰ অপৰাধীৰ দ্বাৰা বিপদত পৰাৰ যথেষ্ট আশংকা থাকে আৰু তেওঁলোকক এই চাইবাৰ প্ৰতাৰক বিলাকৰ পৰ...

November 24, 2024 5:59 PM

views 67

ৰাজনৈতিক পৃষ্ঠভূমি নথকা পৰিয়ালৰ যুৱক-যুৱতীসকলক ৰাজনীতিত যোগদান কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক পৃষ্ঠভূমি নথকা পৰিয়ালৰ যুৱক-যুৱতীসকলক ৰাজনীতিত যোগদান কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্য কৰি ভাষণ দি শ্রীমোদীয়ে এইদৰে আহ্বান জনায়। তেওঁ অহা কেইটামান মাহত একলাখ এনে যুৱক-যুৱতীক ৰাজনাতিৰ সৈতে সংযুক্ত কৰাৰ বাবে ভালেসংখ্যক বিশেষ অভিযান চলোৱা হ'ব বুলিও ঘোষণা কৰে । শ্ৰীমোদীয়ে লগতে অহা বছৰ স্বামী বিবেকানন্দৰ ১৬২ সংখ্যক জন্মবার্ষিকীৰ দিনা দিল্লীত বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। দেশে স্ব...

November 24, 2024 12:29 PM

views 55

চৰকাৰী কাৰ্যলয়ৰ দশক-দশক পুৰণি ফাইল আৰু ব্যৱহাৰ নোহোৱা পুৰণি সামগ্ৰী আঁতৰ কৰাৰ বাবে বিশেষ পৰিস্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰাৰ কথা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

পৰিস্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে চৰকাৰী কাৰ্যলয়ৰ দশক-দশক পুৰণি ফাইল আৰু ব্যৱহাৰ নোহোৱা পুৰণি সামগ্ৰী আঁতৰ কৰাৰ বাবে বিশেষ পৰিস্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰা হৈছে। তেওঁ কয় যে চৰকাৰী বিভাগসমূহত এই আঁচনি ফলদায়ক ৰূপে পৰিগণিত হৈছে আৰু কাৰ্যালয়সমূহত যথেষ্ঠ ঠাই ওলাইছে। ভাৰতত আৱৰ্জনাৰ পৰা সম্পদ প্রাচীন অৱধাৰণা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ কৰা আৰু বহনক্ষম জীৱন শৈলীৰ প্ৰসাৰৰ বাবে কাম কৰা একাংশ যুৱক-যুৱতীৰ উদাহৰণ দিয়ে। এই প্ৰসংগত ঈতিশা...

November 24, 2024 12:26 PM

views 54

মাতৃৰ নামত এজোপা গছ অভিযানৰ অধীনত মাত্র ৫ মাহৰ ভিতৰত ১০০ কোটি গছপুলি ৰোপণ কৰা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃৰ নামত এজোপা গছ অভিযানৰ অধীনত মাত্র ৫ মাহৰ ভিতৰত ১০০ কোটি গছপুলি ৰোপণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰা বুলি প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্য কৰি ভাষণ দি শ্রীমোদীয়ে প্রকাশ কৰে। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে এই অভিযানত অংশগ্ৰহণ কৰাক লৈ সন্তুষ্টি প্রকাশ কৰে। এই অভিযান সম্প্ৰতি বিশ্বৰ বিভিন্ন দেশলৈ সম্প্ৰসাৰিত হোৱাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে শেহতীয়া গায়েনা ভ্রমণ কালত দেশখনৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, তে...

October 27, 2024 6:58 PM

views 43

সাহস আৰু দূৰদৃষ্টি প্রতিমুর্তিস্বৰূপ চৰ্দাৰ বল্লভ ভাই পেটেল আৰু ভগৱান বীৰচা মুণ্ডাৰ বিষয়ক মন কী বাতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ মন কী বাত অনুষ্ঠানত সাহস আৰু দূৰদৃষ্টি প্রতিমুর্তিস্বৰূপ চৰ্দাৰ বল্লভ ভাই পেটেল আৰু ভগৱান বীৰচা মুণ্ডাৰ বিষয়ে আলোচনা কৰে। দেশে এইবেলি এই মহান নাগৰিক দুগৰাকীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰিব। চৰ্দাৰ পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী ৩১ অক্টোবৰত আৰু ভগৱান বীৰচা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তী ১৫ নৱেম্বৰত আৰম্ভ হ'ব। এই মহান ব্যক্তি দুগৰাকীয়ে ভিন ভিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও দেশত একতাই তেওঁলোকৰ সপোন আছিল বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লৌহপুৰ...

October 27, 2024 6:54 PM

views 63

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সাফল্যক লৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্তুষ্টি প্ৰকাশ

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সাফল্যক লৈ সন্তুষ্টি প্ৰকাশ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই অভিযান দেশৰ সমূহীয়া চেতনাৰ অংগ হৈ পৰিছে। তেওঁ কয় যে, আত্মনিৰ্ভৰ হৈ উঠাৰ পাছত ভাৰতে প্ৰতিটো ক্ষেত্ৰতে ভাল প্রদর্শন আগবঢ়াইছে। এসময়ত বিশ্বত প্ৰতিৰক্ষা আহিলা পাতিৰ সৰ্ববৃহৎ ক্ৰেতাৰূপে পৰিচিত ভাৰত সম্প্ৰতি ৮৫ খন দেশলৈ এনেধৰণৰ আহিলা পাতি ৰপ্তানি কৰিবলৈ লৈছে বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰূপে পৰিগণি...

October 27, 2024 6:50 PM

views 64

ভাৰত এনিমেচন ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰাৰ কথা প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

কাইলৈ বিশ্ব এনিমেচন দিৱস উদযাপনৰ বিষয়ে প্ৰকাশ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত এনিমেচন ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰাৰ পথত অগ্ৰসৰ হৈছে। লগতে জনসাধাৰণক এনিমেচন ক্ষেত্ৰত গোলকীয় শক্তিৰূপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতত গেমিং ক্ষেত্ৰৰ নিৰন্তৰ বিকাশ হৈছে আৰু ভাৰতীয় গেমসমূহ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ উঠিছে বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। তেওঁ স্পাইডাৰ মেন আৰু ট্রান্সফৰমাৰ্ছৰ দৰে চলচ্চিত্ৰৰ ভাৰতৰ হৰিনাৰায়ণ ৰাজীৱৰ অৱদানৰ বিষয়ে চৰ্চা ...

October 27, 2024 6:47 PM

views 48

ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ উদ্বেগ প্রকাশ কৰিছে। আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১১৫ সংখ্যক খণ্ডৰ যোগেদি ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ডিজিটেল এৰেষ্টৰ নামত চলা এনে ধৰণৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে সকলো তদন্তকাৰী সংস্থাই একেলগে কাম কৰি আছে। আইনৰ অধীনত কোনো লোকক ডিজিটেল এৰেষ্ট কৰাৰ কোনো ব্যৱস্থা নাই বুলি তেওঁ প্ৰকাশ কৰে। প্রধানমন্ত্ৰীয়ে অনুষ্ঠানত শ্ৰোতাসকলক এনে ঘটনাৰ ভুক্তভোগী আৰু এগৰাকী প্ৰৱঞ্চকৰ মাজত হোৱা কথোপকথন বজাই শুনায়। কথোপকথনত...

October 25, 2024 6:14 PM

views 64

অহা ২৭ অক্টোবৰত আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। আজি দিহা-পৰামৰ্শসমূহ আগবঢ়োৱাৰ অন্তিম দিন। আকাশবাণী – দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ ...

September 29, 2024 8:40 PM

views 57

মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালৰ কৃতজ্ঞতা জ্ঞাপন

আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীচেহগালে প্রধানমন্ত্ৰী এই প্ৰশংসা প্ৰচাৰ ভাৰতী, দূৰদৰ্শন আৰু আকাশবাণীৰ সকলো সদস্যৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰ যাত্ৰাত সহযাত্ৰী হ'বলৈ পাই তেওঁলোক গর্বিত বুলি শ্ৰীচেহগালে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীৰ এই বার্তাই সমগ্ৰ প্ৰচাৰ ভাৰতীৰ ...