প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে, ভূপালৰ মহেশে তেওঁৰ অঞ্চলৰ বহুতো বয়োজ্যেষ্ঠ লোকক মোবাইল ফোনৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ শিকাইছে। সেই বয়োজ্যেষ্ঠ লোকসকলৰ স্মাৰ্ট ফোন আছে কিন্তু সেই ফোনৰ ব্যৱহাৰৰ বিষয়ে তেওঁলোকক ক’বলৈ কোনো নাছিল। শ্রীমোদীয়ে আৰু কয়, আহমেদাবাদৰ ৰাজীৱ নামৰ যুৱকজনে বহুতো বয়োজ্যেষ্ঠ লোকক ডিজিটেল মাধ্যমৰ জৰিয়তে হ’ব পৰা বিপদৰ পৰা ৰক্ষা কৰে। বয়োজ্যেষ্ঠ লোকসকল চাইবাৰ অপৰাধীৰ দ্বাৰা বিপদত পৰাৰ যথেষ্ট আশংকা থাকে আৰু তেওঁলোকক এই চাইবাৰ প্ৰতাৰক বিলাকৰ পৰা ৰক্ষা কৰাটো সকলোৰে কৰ্তব্য।
Assamese | November 24, 2024 6:03 PM | Mann Ki Baat
বয়োজ্যেষ্ঠ লোকসকলক মোবাইল ফোনৰ জৰিয়তে ধন পৰিশোধৰ বিষয়ে শিকাবলৈ যুব প্ৰজন্মৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান