আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সাফল্যক লৈ সন্তুষ্টি প্ৰকাশ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই অভিযান দেশৰ সমূহীয়া চেতনাৰ অংগ হৈ পৰিছে। তেওঁ কয় যে, আত্মনিৰ্ভৰ হৈ উঠাৰ পাছত ভাৰতে প্ৰতিটো ক্ষেত্ৰতে ভাল প্রদর্শন আগবঢ়াইছে। এসময়ত বিশ্বত প্ৰতিৰক্ষা আহিলা পাতিৰ সৰ্ববৃহৎ ক্ৰেতাৰূপে পৰিচিত ভাৰত সম্প্ৰতি ৮৫ খন দেশলৈ এনেধৰণৰ আহিলা পাতি ৰপ্তানি কৰিবলৈ লৈছে বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশৰূপে পৰিগণিত হৈছে। তেওঁ লগতে লাডাখৰ হানলেত এইমাহত এছিয়াৰ সৰ্ববৃহৎ ইমাজিং টেলিস্কোপ এম এ চি ই মুকলি কৰা হৈছে। ভাৰততে নির্মিত এই টেলিস্কোপটো ৪,৩০০ মিটাৰ উচ্চতাত অৱস্থিত বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। শ্রীমোদীয়ে শ্রোতাসকলক সামাজিক মাধ্যমযোগে উদ্ভাৱন আৰু আত্মনিৰ্ভৰ ভাৰতৰ নিদৰ্শনৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণক উৎসৱৰ এই বতৰত ভোকেল ফৰ লোকেল মন্ত্ৰৰে সামগ্ৰী ক্ৰয় কৰিবলৈ কয়।
Assamese | October 27, 2024 6:54 PM | Mann Ki Baat
আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সাফল্যক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্তুষ্টি প্ৰকাশ