প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ মন কী বাত অনুষ্ঠানত সাহস আৰু দূৰদৃষ্টি প্রতিমুর্তিস্বৰূপ চৰ্দাৰ বল্লভ ভাই পেটেল আৰু ভগৱান বীৰচা মুণ্ডাৰ বিষয়ে আলোচনা কৰে। দেশে এইবেলি এই মহান নাগৰিক দুগৰাকীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰিব। চৰ্দাৰ পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী ৩১ অক্টোবৰত আৰু ভগৱান বীৰচা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তী ১৫ নৱেম্বৰত আৰম্ভ হ’ব। এই মহান ব্যক্তি দুগৰাকীয়ে ভিন ভিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও দেশত একতাই তেওঁলোকৰ সপোন আছিল বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লৌহপুৰুষ চৰ্দাৰ পেটেল সম্পৰ্কে নিজৰ মতামত হেচটেগ চৰ্দাৰ 150 যোগে আৰু ধৰ্তি আৱা বীৰচা মুণ্ডাৰ বিষযে হেচটেগ বীৰচা মুণ্ডা 150 যোগে প্ৰকাশ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।
Assamese | October 27, 2024 6:58 PM | Mann Ki Baat
সাহস আৰু দূৰদৃষ্টি প্রতিমুর্তিস্বৰূপ চৰ্দাৰ বল্লভ ভাই পেটেল আৰু ভগৱান বীৰচা মুণ্ডাৰ বিষয়ক মন কী বাতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোচনা