প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক পৃষ্ঠভূমি নথকা পৰিয়ালৰ যুৱক-যুৱতীসকলক ৰাজনীতিত যোগদান কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্য কৰি ভাষণ দি শ্রীমোদীয়ে এইদৰে আহ্বান জনায়। তেওঁ অহা কেইটামান মাহত একলাখ এনে যুৱক-যুৱতীক ৰাজনাতিৰ সৈতে সংযুক্ত কৰাৰ বাবে ভালেসংখ্যক বিশেষ অভিযান চলোৱা হ’ব বুলিও ঘোষণা কৰে । শ্ৰীমোদীয়ে লগতে অহা বছৰ স্বামী বিবেকানন্দৰ ১৬২ সংখ্যক জন্মবার্ষিকীৰ দিনা দিল্লীত বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। দেশে স্বামী বিবেকানন্দৰ জন্মবার্ষিকী উপলক্ষে প্ৰতিবছৰে ১২ জানুৱাৰীত যুৱ দিৱস পালন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তত কোটি কোটি যুৱক-যুৱতীয়ে বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাত অংশগ্রহণ কৰিব বুলি জানিবলৈ দিয়ে। দুহেজাৰ এনে যুৱক-যুৱতীক গাঁও, উন্নয়ন খণ্ড, জিলা আৰু ৰাজ্যসমূহৰ পৰা বাচনি কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
Assamese | November 24, 2024 5:59 PM | Mann Ki Baat
ৰাজনৈতিক পৃষ্ঠভূমি নথকা পৰিয়ালৰ যুৱক-যুৱতীসকলক ৰাজনীতিত যোগদান কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান