October 25, 2024 6:14 PM
67
অহা ২৭ অক্টোবৰত আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। আজি দিহা-পৰামৰ্শসমূহ আগবঢ়োৱাৰ অন্তিম দিন। আকাশবাণী – দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ ...