বিকাশ ভি, বিৰাছট ভি মন্ত্ৰৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত প্ৰকাশ কৰে যে, তেওঁ অলপতে কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দেশখনৰ পৰা প্ৰায় ৩০০ প্রাচীন কলা সামগ্ৰীক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে। তেওঁ কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁৰ ডেলাৱাৰেৰ ব্যক্তিগত বাসগৃহত এই সামগ্ৰীসমূহ তেওঁক দেখুৱাইছিল। ঘূৰাই আনিবলগীয়া সামগ্ৰীসমূহ তেৰাকটা, পাথৰ, হাতীদাঁত, কাঠ, তাম আৰু ব্ৰঞ্জেৰে নিৰ্মিত বুলিও শ্রীমোদীয়ে উল্লেখ কৰে। এই ভাৰতীয় সামগ্ৰীসমূহৰ চোৰাং সৰবৰাহ এটা ডাঙৰ অপৰাধ বুলি বৰ্ণনা কৰি তেওঁ কয় যে, চৰকাৰে বৰ্তমান বিভিন্ন দেশত থকা ভাৰতৰ মূল্যবান সামগ্ৰীসমূহ দেশলৈ ঘুৰাই অনাৰ বাবে চেষ্টা কৰি আছে।
Assamese | September 29, 2024 6:51 PM | Mann Ki Baat
আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দেশখনৰ পৰা প্ৰায় ৩০০ প্রাচীন কলা সামগ্ৰীক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ