পানী সংৰক্ষণত গুৰুত্ব দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত কয় যে, বৰষুণৰ বতৰত সংগ্ৰহ কৰা পানীয়ে নাটনিৰ দিনত বহুতো সহায় কৰে। এই ক্ষেত্ৰত তেওঁ ঝানছিৰ বুন্দেল খণ্ড অঞ্চলৰ উদাহৰণ দি কয় যে, একাংশ মহিলাই বৰষুণৰ পানীক বিশেষভাৱে বোৱাই নি ঘুৰাৰি নদীক এটা নতুন জীৱন দিবলৈ সমৰ্থ হৈছে। পানী সংৰক্ষণৰ বাবে উল্লেখযোগ্য কাম কৰা মধ্যপ্ৰদেশৰ দিনদৰিৰ ৰায়পুৰা গাওঁ আৰু চাটাৰপুৰৰ মহিলাসকলক তেওঁ প্ৰশংসা কৰে। পানীৰ নাটনিৰ জোৰা মাৰিবলৈ প্ৰধানমন্ত্ৰীয়ে দেশৰ চুকে কোণে পানী সংৰক্ষণ কৰাত গুৰুত্ব দিয়ে।
Assamese | September 29, 2024 6:48 PM | Mann Ki Baat
দেশৰ চুকে কোণে পানী সংৰক্ষণত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব