আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ নামত এজুপি গছ অর্থাৎ এক পেৰ মা কে নাম অভিযানত অংশ গ্রহণ কৰিবলৈ সকলোকে উৎসাহিত কৰে। তেওঁ কয় যে, এই অভিযানৰ সাফল্যই সমগ্ৰ সমাজখনক অভাৱনীয় ফলাফল দিব। এই ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰা উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাত শ্রীমোদীয়ে প্ৰশংসা কৰে। তেওঁ কয় যে, এই গছপুলি ৰোপণ কাৰ্যসূচীত সমগ্ৰ দেশৰ কেইবাহাজাৰ বিদ্যালয়ে সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছে। তেওঁ কয় যে, তেলেংগানাৰ কে এন ৰাজাশেখৰে অকলে ১৫০০ৰো অধিক গছপুলি ৰোপণ কৰিছে। বিৰল আৰু অতি প্ৰয়োজনীয় বনৌষধীৰে এখন আটকধুনীয়া বাগিচা গঢ়ি তোলা তামিলনাডুৰ মাডুৰাইৰ শুভাশ্রীকো প্রধানমন্ত্রীয়ে প্ৰশংসা কৰে।
Assamese | September 29, 2024 6:42 PM | Mann Ki Baat
বিৰল আৰু অতি প্ৰয়োজনীয় বনৌষধীৰে বাগিচা গঢ়ি তোলা তামিলনাডুৰ মাডুৰাইৰ শুভাশ্রীক প্রধানমন্ত্রীৰ প্ৰশংসা