January 17, 2026 12:34 PM

views 65

যোৰহাট সাহিত্য মঞ্চই যোৰহাট সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে প্ৰদান কৰা সাহিত্য বঁটাসমূহ ঘোষণা

যোৰহাট সাহিত্য মঞ্চই যোৰহাট সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে প্ৰদান কৰা সাহিত্য বঁটাসমূহ ঘোষণা কৰিছে। বিশিষ্ট বিজ্ঞান লেখক, গল্পকাৰ, শিশু সাহিত্যিক,ঔপন্যাসিক অনন্ত কুমাৰ শৰ্মালৈ এইবছৰৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে। হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত বিশিষ্ট লেখক, শিক্ষাবিদ লক্ষ্মীনাথ তামুলীলৈ যোৰহাট প্ৰজ্ঞাৰত্ন বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত থাকিব এটি স্মাৰক, সম্বর্ধনা পত্র, গামোচা আৰু গ্ৰন্থৰ টোপোলা। আনহাতে, বিশিষ্ট লেখক, বিজ্ঞানী ড০ সোমেন্দ্র নাথ বুঢ়াগোহাইক অসম...

January 17, 2026 12:28 PM

views 83

নামৰূপৰ গান্ধীময়দানত কালিৰেপৰা এম এল এ কাপ ৩ পইণ্ট জিৰ অনুষ্ঠিত

নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপৰ গান্ধীময়দানত কালিৰেপৰা এম এল এ কাপ ৩ পইণ্ট জিৰ অনুষ্ঠিত হৈছে। অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈয়ে এই প্ৰতিযোগিতা উদ্বোধন কৰি কয়, যে উৎসাহ আৰু প্ৰতিযোগিতামূলক মনোভাৱেৰে পৰিপূৰ্ণ এই প্রতিযোগিতাই ক্রীড়া প্ৰেমীসকলক আনন্দিত কৰিবলৈ সক্ষম হয়।

January 13, 2026 5:39 PM

views 54

শিৱসাগৰ জিলাত লালী গুৰৰ মজুত আৰু বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

শিৱসাগৰ জিলাত গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা লালী গুৰৰ মজুত আৰু বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। লালীগুৰ ব্যৱহাৰ কৰি অবৈধভাৱে প্ৰস্তুত কৰা দেশী সুৰাই জনস্বাস্থ্য লৈ গুৰুতৰ ভাৱুকি সৃষ্টি কৰাৰ উপৰি শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে এই নিষেধাজ্ঞা জাৰি কৰিছে। নিৰ্দেশটোত লগতে গৰুৰ খাদ্য হিচাপে লালীগুৰ ক্ৰয়ৰ বাবে জিলা দণ্ডাধীশ অথবা পশুপালন বিভাগৰ পৰা আগতীয়া অনুমতি ল'ব লাগিব বুলি উল্লেখ কৰা হৈছে।

January 6, 2026 7:01 AM

views 63

জটিল ৰোগত আক্ৰান্ত দৰং জিলাৰ মুঠ ৩৫২ গৰাকী ৰোগীক চেক বিতৰণ

কৰ্কটকে ধৰি বিভিন্ন জটিল ৰোগত আক্ৰান্ত দৰং জিলাৰ মুঠ ৩৫২ গৰাকী ৰোগীৰ মাজত তেওঁলোকৰ চিকিৎসা ব্যয়ত কিছু সকাহ দিয়াৰ উদ্দেশ্যে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াই আজি মুখ্যমন্ত্ৰীৰ বিশেষ চিকিৎসা সাহায্য আঁচনি সুহৃদৰ অধীনত মুঠ ২ লাখ ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে। মঙলদৈৰ সাংসদ কাৰ্য্যালয়ত অনুষ্ঠিত কাৰ্য্যসূচীত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

January 6, 2026 7:23 AM

views 61

মাজুলীৰ গড়মূৰত আজিৰে পৰা জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা ২০২৬ অনুষ্ঠিত

মাজুলী জিলাৰ গড়মূৰত আজিৰে পৰা জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা ২০২৬ অনুষ্ঠিত হৈছে। অহা ৯ জানুৱাৰীলৈ মুকলি থাকিবলগীয়া এই মেলা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত অসম ক্ষুদ্র উদ্যোগ বিকাশ লিমিটেডৰ সৌজন্যত অনুষ্ঠিত হৈছে। আজি দিনৰ ১ বজাত বিধায়ক ভূৱন গামে মেলাৰ উদ্বোধন কৰে। জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, মাজুলীৰ সহকাৰী প্ৰৱন্ধক জনার্দন দাসে আঁত ধৰা অনুষ্ঠানত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধক ৰাজকুমাৰ বড়ি, জিলা পৰিষদৰ সভানেত্ৰী নৱনিতা দাস আ...

January 6, 2026 7:07 AM

views 90

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে মত-বিনিময় অনুষ্ঠান

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত আজি নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে হোৱা এটা মত- বিনিময় অনুষ্ঠানত সমাগত নির্বাচনত বজালী সমষ্টিত অগপই প্রার্থিত্ব বিচৰাৰ কথা প্ৰকাশ কৰে। ইংৰাজী নৱবৰ্ষত বজালীৰ সাংবাদিকসকলক শুভেচ্ছা জনোৱাৰ বাবে অগপৰ বজালী বিধানসভা সমষ্টিৰ সমিতিৰ সভাপতি জিন্টু চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড০ ৰঞ্জিত ডেকাই মিত্ৰজোঁটৰ ধৰ্ম অনুসৰি এই সমষ্টিটো অগপক এৰি দিয়াৰ পোষকতা কৰে। তেওঁ কয় যে অগপ-বিজেপি লগ হৈ অসমৰ উন্নতিৰ হকে কাম কৰি আহিছে ...

January 6, 2026 7:04 AM

views 45

প্ৰচণ্ড শীতৰ বাবে বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তনৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাৰ বজালী জিলা আয়ুক্তলৈ আবেদন পত্ৰ

● ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড শীতৰ বাবে শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তন কৰাৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাই আজি বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসলৈ এখন আবেদন পত্ৰ প্ৰদান কৰে। শিক্ষক সংস্থাৰ বজালী জিলা সমিতিৰ হৈ সমিতিৰ সভাপতি কনক চন্দ্ৰ দাস আৰু সম্পাদক চাণক্য দাসে আবেদনখনত অতিপাত শীতৰ বাবে যোৱা কিছুদিন ধৰি শিক্ষাৰ্থীৰ উপস্থিতি হ্ৰাস হোৱা আৰু উপস্থিত থকা শিক্ষাৰ্থীসকলকো শ্ৰেণীকোঠাত ৰাখিব পৰা অনুকূল পৰিবেশ নোহোৱাৰ কথা উল্লেখ কৰে। কেইবাখনো শিক্ষানুষ্ঠানত জুইৰ উম দি শ...

January 3, 2026 7:20 PM

views 76

বজালীৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত সংঘটিত পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত

বজালী জিলাৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত হয়। গুৰুতৰভাৱে আহত হোৱা লোককেইজনক পাঠশালাৰ ছহিদ মদনৰাওতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে এজনক গুৱাহাটীলৈ আৰু আন ৩ জনক বৰপেটা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইপিনে দুৰ্ঘটনাত আহত ট্ৰেক্টৰখনৰ চালক ধনন বড়োকো গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইপিনে বাক্সা জিলাৰ বাৰেঙাবাৰী মায়ংপাৰাত সংঘটিত আন এটা পথ দুৰ্ঘটনাত এগৰাকী ট্ৰেক্টৰ চালক গুৰুতৰভাৱে আহত হৈছে। ...

January 3, 2026 7:17 PM

views 59

কামৰূপৰ জিলা পৰিকল্পনা সমিতিৰ এখন সভা আজি জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়

কামৰূপৰ জিলা পৰিকল্পনা সমিতিৰ এখন সভা আজি জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত পঞ্চদশ বিত্ত আয়োগৰ অধীনত ২০২৪-২৫ বৰ্ষৰ আঁচনিসমূহ চূড়ান্ত কৰা হয়। সভাত দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়া, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধার্থ গোস্বামী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তৰ লগতে কামৰূপ জিলা পৰিষদৰ সদস্য, সদস্যা আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতিসকল উপস্থিত থাকে।

January 3, 2026 7:15 PM

views 69

নগাঁও আৰক্ষীয়ে আজি পুৱা গোপন সূত্ৰৰ পম খেদি কাটিমাৰি গ্ৰাণ্টত অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে

নগাঁও আৰক্ষীয়ে আজি পুৱা গোপন সূত্ৰৰ পম খেদি কাটিমাৰি গ্ৰাণ্টত অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী দুজন কাটিমাৰী গ্ৰাণ্টৰ আব্দুল দুলাল আৰু ছেলিমা বেগম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা আঢ়ৈ কিলোগ্ৰাম ভাং জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত লোক দুজনক জেৰা কৰি আছে।